অসমৰ জিলাসমূহ | States of Assam |

স্বাধীনতাৰ সময়ত অসমৰ জিলাসমূহ(১৯৪৭ চনত )

বৰ্তমান অসমৰ মুঠ জিলা ৩৫ খন। ২০১৫ চনৰ ১৫ আগষ্টত তদানীন্তন অসমৰ মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে পাঁচখন নতুন জিলা গঠন কৰাৰ কথা ঘোষণা কৰে। পুনৰ ২৬ জানুৱাৰী ২০১৬ চনত তদানীন্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে আৰু দুখন জিলা ক্ৰমে পূব কামৰূপ আৰু দক্ষিণ কামৰূপ ঘোষণা কৰে, যদিও পৰ্যাপ্ত প্ৰশাসনিক আন্তঃগাঁঠনি নথকাৰ বাবে ৭ অক্টোবৰ ২০১৬ তাৰিখে এক কেবিনেট সভাত সাময়িকভাৱে স্থগিত ৰখা হয়।

২৭ জুন ২০১৬ চনত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মাজুলীক জিলা ঘোষণা কৰাত মাজুলী ভাৰতৰ প্ৰথমখন নদীদ্বীপ জিলা হৈ পৰিল আৰু অসমৰ মুঠ জিলাৰ সংখ্যা ৩৩ হ’ল। ২০২০ চনৰ ৮ আগষ্ট তাৰিখে অসম কেবিনেটে বৰপেটা জিলাৰ বজালী মহকুমাক জিলালৈ উন্নীত কৰা প্ৰস্তাৱ গৃহীত হোৱাৰ পিছত অসমৰ মুঠ জিলাৰ সংখ্যা ৩৪খন হ’ল।২০২২ চনৰ ২৩ জানুৱাৰী তাৰিখে অসম চৰকাৰে এক অধিসূচনাৰ জৰিয়তে তামোলপুৰক জিলা হিচাপে ঘোষণা কৰে আৰু ইয়াৰ লগে লগে অসমৰ মুঠ জিলাৰ সংখ্যা ৩৫ হয়।

২০২২ চনৰ ৩১ ডিচেম্বৰত অসম কেবিনেটে চাৰিখন নতুনকৈ গঠিত জিলাক বৰ্তমানৰ চাৰিখন জিলাৰ সৈতে একত্ৰিত কৰাৰ সিদ্ধান্ত লয়। এই জিলাসমূহ আছিল,

  • বাক্সাৰ সৈতে তামোলপুৰ
  • বৰপেটাৰ লগত বজালী
  • নগাঁৱৰ সৈতে হোজাই
  • শোণিতপুৰৰ সৈতে বিশ্বনাথ

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে ৰাজ্যত ইচিআইৰ সীমা নিৰ্ধাৰণ প্ৰক্ৰিয়া আৰু চৰকাৰে পুনৰ বিবেচনা কৰাৰ আগতে এইটো এটা অস্থায়ী ব্যৱস্থা। পৰৱৰ্তী সময়ত হোজাই, বিশ্বনাথ, তামুলপুৰ, বজালী জিলাই মৰ্যদা ঘূৰাই পোৱাৰ কথা ঘোষণা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

অসমৰ জিলাসমূহ | States of Assam |

স্বাধীনতাৰ আগত আৰু এখন জিলা আছিল সেইখন হৈছে ছিলেট (১৮৭৪ চনত গঠিত)
ইয়াৰ পিছত ৰাজ্য সমূহ পৃথক হৈ
:

  • নাগালেণ্ড–১৯৬৩
  • মণিপুৰ–১৯৭২
  • মেঘালয়–১৯৭২
  • ত্ৰিপুৰা–১৯৭২
  • অৰুণাচল–১৯৮৭
  • মিজোৰাম–১৯৮৭

এতিয়া নতুন/পুৰণি লগ হৈ অসমৰ জিলাসমূহ হৈছে…

  • ডিমা হাচাও: ডিমা হাছাও জিলা (ইংৰাজী: Dima Hasao district (DHD); আগৰ নাম উত্তৰ কাছাৰ পাৰ্বত্য জিলা) অসমৰ এখন জিলা। ঐতিহাসিক ভাৱে ডিমাছা-কছাৰীসকলৰ বাসভূমি এই অঞ্চল ব্ৰিটিছ শাসনকালত অসমৰ নগাঁও জিলাৰ এটা মহকুমা হিচাপে গঠন কৰা হৈছিল। ভাৰতে স্বাধীনতা লাভ কৰাৰ পাছত মিকিৰ-পাহাৰ আৰু উত্তৰ-কাছাৰ সংলগ্ন জিলা গঠন কৰা হয়। ১৯৫২ চনৰপৰা এই জিলাক ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুচ্ছেদৰ অন্তৰ্গত জিলা হিচাপে গঢ় দিয়া হয়, আৰু জিলাৰ শাসন ভাৰ জিলা পৰিষদৰ হাতত অৰ্পণ কৰা হয়। ১৯৭০ চনত ইয়াক পূৰ্ণ জিলাৰ মৰ্য্যদা দিয়া হয়। বৰ্তমান জিলাৰ শাসন ষষ্ঠ অনুচ্ছেদৰ অন্তৰ্গত আৰু জিলাখনৰ স্বায়ত্ত্ব শাসন পৰিষদে সকলো বিভাগ বিভাগৰ কাৰ্য্যভাৰ বহন কৰে। ডিমা হাছাও জিলা অসমৰ আটাইতকৈ কম জনবসতি ঘনত্বৰ জিলা। মূলতঃ ডিমাছা আৰু নগা জনগোষ্ঠীৰ লোক এই জিলাত সৰহ। প্ৰাকৃতিক সৌন্দৰ্য্যৰে ভৰপূৰ জিলাখনত অসমৰ একমাত্ৰ পাৰ্বত্য-চহৰ হাফলং অৱস্থিত। হাফলং এই জিলাৰ সদৰ। ৰহস্যজনক চৰাইৰ মৃত্যুৰ বাবে চৰ্চিত ঠাই জাতিংগা এই জিলাতে অৱস্থিত। ‘ডিমা হাছাও’ ডিমাছা ভাষাৰ শব্দ, ইয়াৰ অৰ্থ ডিমাছা পৰ্বত।
  • ওডালগুৰি (২০০৩ চনত গঠন ): ওদালগুৰি জিলা (বড়ো: उदालगुड़ी जिला) ভাৰতৰ অংগৰাজ্য অসমৰ ৩৫ খন জিলাৰ ভিতৰত এখন। ওদালগুৰি জিলা বড়োলেণ্ড স্বায়ত্ত্বশাসিত পৰিষদৰ অন্তৰ্গত। ওদালগুৰি নগৰ জিলাখনৰ সদৰ ঠাই।
  • কৰিমগঞ্জ (১৯৮৩ চনত গঠন ): কৰিমগঞ্জ জিলা অসমৰ এখন প্ৰশাসনিক জিলা। ১৮৭৮ চনত কৰিমগঞ্জ নগৰক সদৰ হিচাপে লৈ তদানীন্তন ব্ৰিটিছ ভাৰতৰ নৱসংগঠিত অসম ৰাজ্যৰ ছিলেট জিলাৰ এটা মহকুমা হিচাপে কৰিমগঞ্জ মহকুমা গঠন কৰা হৈছিল। ১৯৪৭ চনত স্বাধীনতাৰ সময়ত হোৱা দেশ বিভাজনত ছিলেট জিলা পূৱ পাকিস্তান (বৰ্তমানৰ বাংলাদেশ)-লৈ হস্তান্তৰিত হয় যদিও সেইসময়ৰ অবিভক্ত কৰিমগঞ্জ মহকুমাৰ চাৰে তিনিখন থানাৰ অঞ্চলৰে গঠিত সংকুচিত কৰিমগঞ্জ মহকুমা ভাৰতৰ অসম ৰাজ্যৰ কাছাৰ জিলাৰ এক মহকুমা হিচাপে অন্তৰ্ভুক্ত হয়। এই অঞ্চল কেইটা আছিল: ৰাতাবাৰী থানা, পাথাৰকান্দি থানা, বদৰপুৰ থানা আৰু কৰিমগঞ্জ থানাৰ আধা অঞ্চল। ১৯৮৩ চনৰ ১ জুলাই তাৰিখৰ পৰা অসম চৰকাৰে কৰিমগঞ্জ মহকুমাক পূৰ্ণপৰ্যায়ৰ জিলাৰ স্বীকৃতি দিয়ে। বাঙালী আৰু মেইতেই (মণিপুৰী) এই অঞ্চলৰ চৰকাৰী ভাষা।
  • কাছাৰ: কাছাৰ জিলা অসমৰ বৰাক উপত্যকাৰ এখন জিলা। শিলচৰ এই জিলাৰ সদৰ। কাছাৰ জিলাখন এসময়ত বৃহত্তৰ কছাৰী সাম্ৰাজ্যৰ অন্তৰ্ভুক্ত আছিল। বাঙালী আৰু মেইতেই (মণিপুৰী) এই অঞ্চলৰ চৰকাৰী ভাষা।
  • কামৰূপ মহানগৰ (২০০৩ চনত গঠন): কামৰূপ মহানগৰ জিলাখন ২০০৩ চনৰ ৩ ফেব্ৰুৱাৰীত পুৰণি কামৰূপ জিলাখনক দুভাগত বিভক্ত কৰি গঠন কৰা হয়। কামৰূপ মহানগৰ জিলাৰ প্ৰশাসনিক কেন্দ্ৰ গুৱাহাটী মহানগৰত অৱস্থিত। জিলাখনে মুঠ ৯৫৫ বৰ্গ কিলোমিটাৰ ঠাই আৱৰি আছে।
  • কামৰূপ: কামৰূপ জিলা ভাৰতৰ অসম ৰাজ্যৰ এখন প্ৰশাসনিক জিলা। ২০০৩ চনত পুৰণি কামৰূপ জিলা দুভাগত বিভক্ত হয়; বৃহত্তৰ গুৱাহাটী অঞ্চলক লৈ এখন নতুন জিলা কামৰূপ মহানগৰ জিলা গঠন কৰা হয় আৰু অন্যখনৰ নাম আগৰ কামৰূপেই থাকিল।[2] ২০০৪ চনত কামৰূপ জিলাৰ অন্তৰ্গত ৰঙিয়া মহকুমাৰ এটা অংশ নৱগঠিত বাক্সা জিলাত অন্তৰ্ভুক্ত হয়। বিভাজনৰ পাছত কামৰূপৰ সদৰ গুৱাহাটীৰ পৰা আমিনগাঁওলৈ স্থানান্তৰিত কৰা হয়।
  • কাৰ্বিআংলং (১৯৫১ চনত গঠন): কাৰ্বি আংলং জিলা অসমৰ মধ্য অঞ্চলত অৱস্থিত এক প্ৰশাসনিক জিলা। অসমৰ জিলা সমূহৰ ভিতৰত মাটিকালিৰে ই সৰ্ববৃহৎ। জিলাখনৰ পূবে গোলাঘাট জিলা, পশ্চিমে নগাঁও জিলাপশ্চিম কাৰ্বি আংলং জিলা আৰু হোজাই জিলা, উত্তৰে নগাঁও আৰু গোলাঘাট জিলাৰ অংশ আৰু দক্ষিণে ডিমা হাছাও জিলা আৰু নাগালেণ্ড ৰাজ্য। ডিফু এই জিলাৰ সদৰ চহৰ। কাৰ্বি আংলং জিলাৰ মাটিকালি ৭,৩৯৯ বৰ্গ কিলোমিটাৰ।
  • কোকৰাঝাৰ (১৯৮৩ চনত গঠন ): কোকৰাঝাৰ জিলা (বড়ো: कोकराझार जिला) ভাৰতৰ অংগৰাজ্য অসমৰ ৩৩খন জিলাৰ ভিতৰত এখন। ই উত্তৰ-পূৰ্বাঞ্চলৰ বাবে ই এক প্ৰৱেশদ্বাৰ স্বৰূপ। ২০০৩ চনত গঠিত বড়োলেণ্ড স্বায়ত্ত্বশাসিত পৰিষদৰ মূল কাৰ্য্যালয় কোকৰাঝাৰ জিলাতে অৱস্থিত।
  • গোলাঘাট (১৯৮৭ চনত গঠন): গোলাঘাট জিলা অসমৰ ৩৫খন জিলাৰ ভিতৰত অন্যতম। জিলাৰ সদৰ ঠাই গোলাঘাট নগৰ। এই জিলাৰ চাৰিটা মহকুমা হ’ল গোলাঘাট, ধনশিৰী, বোকাখাত আৰু মেৰাপানী। জিলাখনৰ মাটিকালি ৩,৫০২ কিলোমিটাৰ। ১৯৮৭ চনত জিলা ঘোষিত হোৱা এই জিলাৰ জনসংখ্যা ২০১১ চনৰ লোকপিয়ল অনুসৰি ১০,৬৬,৮৮৮ জন। ইয়াৰে ৫,৪৩,১৬১ জন পুৰুষ আৰু ৫,২৩,৭২৭ গৰাকি মহিলা।
  • গোৱালপাৰা (১৯৮৩ চনত): গোৱালপাৰা জিলা ভাৰতৰ অসম ৰাজ্যৰ এখন প্ৰশাসনিক জিলা। ১৯৮৩ চনত পুৰণি গোৱালপাৰা জিলাখনক ৩খন জিলাত বিভক্ত কৰা হয়- গোৱালপাৰা, ধুবুৰী আৰু কোকৰাঝাৰ জিলা। নতুনকৈ গঠিত গোৱালপাৰাৰ সদৰ স্থাপন কৰা হয় গোৱালপাৰা নগৰত। আৰম্ভণিতে জিলাখনৰ মহকুমা আছিল দুটা- গোৱালপাৰা আৰু উত্তৰ শালমাৰা মহকুমা। ১৯৮৯ চনত বঙাইগাঁও জিলা গঠন হোৱাত উত্তৰ শালমাৰা মহকুমা বঙাইগাঁও জিলাত অন্তৰ্ভুক্ত কৰা হয়। বৰ্তমান জিলাখনৰ মহকুমা দুটা- গোৱালপাৰা আৰু লক্ষীপুৰ।
  • চিৰাং (২০০৪ চনত ): চিৰাং জিলা (বড়ো: चिरांग जिला) ভাৰতবৰ্ষৰ অন্তৰ্গত অসমৰ পশ্চিম প্ৰান্তত অৱস্থিত আৰু বড়োলেণ্ড স্বায়ত্ত্বশাসিত পৰিষদৰ অন্তৰ্গত চাৰিখন জিলাৰ এখন। ২০০৪ চনত কোকৰাঝাৰবঙাইগাঁও আৰু বৰপেটা জিলাৰ অংশবিশে সাঙুৰি চিৰাং জিলা গঠন কৰা হৈছিল। এই জিলা ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুচ্ছেদৰ অন্তৰ্গত। ব্ৰহ্মপুত্ৰ নদীৰ নামনি উপত্যকাৰ সমভূমি ভূ-ভাগেৰে এই জিলা গঠিত। গাৰো ভাষাৰ শব্দ চি (অৰ্থ: পানী) আৰু ৰাং (অৰ্থ: সম্পত্তি), মিলি জিলাখনৰ নাম চিৰাং হোৱা বুলি কোৱা হয়। জিলাখনৰ মুঠ মাটিকালি ১,৯২৩ বৰ্গ কি.মি.। কাজলগাঁও এই জিলাৰ সদৰ। ২০১১ চনৰ লোকপিয়ল অনুসৰি চিৰাং জিলাৰ মুঠ জনসংখ্যা ৪,৮২,১৬২ জন। চিৰাং জিলা অসমৰ দ্বিতীয়খন সৰ্বনিম্ন জনবসতিৰ জিলা। ইউনেস্কোৰ দ্বাৰা স্বীকৃত প্ৰাকৃতিক বিশ্ব ঐতিহ্যবাহী স্থান মানস ৰাষ্ট্ৰীয় উদ্যানৰ কিছু অংশ এই জিলাত অৱস্থিত।
  • ডিব্ৰুগড় (১৯৭১ চনত ): ডিব্ৰুগড় জিলা ভাৰতৰ উত্তৰ-পূবত অৱস্থিত অসম ৰাজ্যৰ এখন জিলা। ইয়াৰ চাৰিসীমা হ’ল উত্তৰে ধেমাজি জিলা, দক্ষিণে চৰাইদেউ জিলা আৰু অৰুণাচল প্ৰদেশৰ টিৰাপ জিলা, পূবে তিনিচুকীয়া জিলা, আৰু পশ্চিমে শিৱসাগৰ জিলা। ইয়াৰ সদৰ স্থানৰ নামো ডিব্ৰুগড়। জিলাখনৰ মাটিকালি প্ৰায় ৩,৩৮১ বৰ্গ কিলিমিটাৰ।
  • তিনিচুকীয়া (১৯৮৯ চনত ): তিনিচুকীয়া জিলা অসমৰ ৩৪ খন প্ৰশাসনিক জিলাৰ মাজৰ এখন। ইয়াৰ সদৰ স্থান হৈছে তিনিচুকীয়া। তিনিচুকীয়া জিলাৰ মাটিকালি মুঠ ৩৭৯০ বৰ্গ কিলোমিটাৰ (১৪৬০ বৰ্গ মাইল)। ১৯৮৯ চনত তিনিচুকীয়াক অসমৰ ২৩তম জিলা হিচাপে ঘোষণা কৰা হয়। শদিয়া আৰু মাৰ্ঘেৰিটা ইয়াৰ আন দুটা মহকুমা।
  • দৰং(১৯৮৩ চনত ): দৰং জিলা: (ইংৰাজী: Darrang District) হৈছে ভাৰতবৰ্ষৰ অসম ৰাজ্যৰ ৩১খন জিলাৰ ভিতৰত এখন জিলা। প্ৰশাসনিক জিলাখনৰ সদৰ স্থান আৰু একমাত্ৰ মহকুমাৰ হৈছে মঙ্গলদৈ। দৰং জিলাৰ দুখন পৌৰ নগৰ হৈছে মংগলদৈ আৰু ছিপাঝাৰ। ১৯৮৩ চনত অবিভক্ত দৰং জিলাৰ বিভাজন হয় আৰু তেজপুৰ মহকুমাক লৈ শোণিতপুৰ জিলা গঠন হয়। পূৰ্বৰ মঙ্গলদৈ মহকুমাক দৰং জিলা নাম দিয়া হয়। ২০০৪ চনত পুনৰ দৰং জিলাৰ এটা অংশৰ পৰা ওদালগুৰি জিলা গঠন কৰা হয়। দৰং জিলাই বৰ্তমান ৩৪৮১ বৰ্গ কিলোমিটাৰ ঠাই অধিকাৰ কৰি আছে।
  • ধুবুৰী (১৯৮৩ চনত ): ধুবুৰী (ইংৰাজী: Dhubri) ভাৰতৰ অসম ৰাজ্যৰ এখন প্ৰশাসনিক জিলা জিলা সদৰ ধুবুৰী নগৰত অৱস্থিত। ইয়াৰ পৰা গুৱাহাটী মহানগৰলৈ দূৰত্ব ২৯০ কিঃমিঃ। ধুবুৰী পুৰণি গোৱালপাৰা জিলাৰো সদৰ আছিল, যিখন জিলা ১৮৭৬ চনতে ব্ৰিটিছ চৰকাৰে স্থাপন কৰিছিল। ১৯৮৩ চনত গোৱালপাৰা জিলাৰ বিভাজন ঘটাই ধুবুৰী জিলাৰ সৃষ্টি কৰা হয়। ধুবুৰী জিলা ভাৰতৰ মুচলন্ত সংখ্যাগৰিষ্ঠ জিলাসমূহৰ অন্যতম। জিলাখনত বাস কৰা মুচলন্ত লোকৰ সংখ্যা মুঠ জনসংখ্যাৰ প্ৰায় ৭৫ শতাংশ। ২০১১ চনৰ লোকপিয়ল অনুসৰি নগাঁও জিলাৰ পিছতে ধুবুৰী জিলা অসমৰ দ্বিতীয় জনবহুল জিলা
  • ধেমাজি জিলা (১৯৮৯ চনত ): ধেমাজি ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰে অৱস্থিত অসম ৰাজ্যৰ এখন জিলা। জিলাখনৰ উত্তৰে আৰু পূবে অৰুণাচল প্ৰদেশ, দক্ষিণে ব্ৰহ্মপুত্ৰ নদী আৰু পশ্চিমে লখিমপুৰ জিলা। ধেমাজি জিলাৰ মুঠ মাটিকালি হৈছে ৩২৩৭ বৰ্গ কিঃমিঃ। জিলাখন দুটা মহকুমাত ভাগ কৰা হৈছে: ধেমাজি আৰু জোনাই। ধেমাজি নগৰ ধেমাজি জিলাৰ সদৰ। ২০০১ চনৰ লোকপিয়ল মতে, জিলাখনৰ মুঠ জনসংখ্যা হৈছে ৫.৭১ লাখ। ইয়াৰে ২.৯৫ জন পুৰুষ আৰু ২.৭৬ গৰাকী মহিলা। সাক্ষৰতাৰ হাৰ ৬৬%। সমুদ্ৰপৃষ্ঠৰ পৰা গড় উচ্চতা ১০৪ মিটাৰ। জনবসতিৰ ঘনত্ব প্ৰতি বৰ্গ কিলো মিটাৰত ১৭৬ জন।
  • নগাঁও (১৮৩৩ চনত গঠন): নগাঁও জিলা (ইংৰাজী: Nagaon) হৈছে ভাৰতৰ উত্তৰ-পূবত অৱস্থিত অসম ৰাজ্যৰ এখন জিলা৷ নগাঁৱৰ উত্তৰে ব্ৰহ্মপুত্ৰ নদী, শোণিতপুৰ জিলা, দক্ষিণে হোজাইডিমা হাছাও জিলা, পূবে গোলাঘাট আৰু কাৰ্বি আংলং জিলা আৰু পশ্চিমে মৰিগাঁও জিলা আৰু পশ্চিম কাৰ্বি আংলং জিলা
  • নলবাৰী (১৯৮৫ চনত ): নলবাৰী (ইংৰাজী: Nalbari) অসমৰ এখন প্ৰশাসনিক জিলা। পূৰ্বতে কামৰূপ জিলাৰ মহকুমা হিচাপে চিহ্নিত নলবাৰীক ১৯৮৫ চনত জিলা হিচাপে ঘোষণা কৰা হয়।
  • বঙাইগাঁও (১৯৮৯ চনত ): বঙাইগাঁও জিলা উত্তৰ-পূৱ ভাৰতৰ অসম ৰাজ্যৰ এখন প্ৰশাসনিক জিলা। ইয়াৰ জিলা সদৰ বঙাইগাঁও। ইয়াত মুঠ তিনিখন নগৰ আছে ক্ৰমে অভয়াপুৰীবঙাইগাঁও আৰু বিজনী। বিজনী নগৰখন বৰ্ত্তমান চিৰাং জিলাৰ অন্তৰ্গত হৈছে। জিলাখনৰ মুঠ মাটিকালি ২৫১০ বৰ্গ কিঃমিঃ।
  • বৰপেটা (১৯৮৩ চনত ): বৰপেটা জিলা (ইংৰাজী: Barpeta District) অসমৰ প্ৰশাসনিক জিলা সমূহৰ ভিতৰৰ এখন উল্লেখনীয় জিলা। জিলাখনৰ সদৰ কাৰ্যালয়সমূহ বৰপেটাত অৱস্থিত। জিলাখনে অসমৰ মুঠ ৩২৪৫ বৰ্গ কিলোমিটাৰ এলেকা আগুৰি আছে আৰু ইয়াৰ জনসংখ্যা ১,৬৪২,৪২০ জন (২০০১ চনৰ লোকপিয়ল অনুসৰি)।
  • বাক্সা (২০০৩ চনত ): বাক্সা জিলা অসমৰ ৩৩ খন প্ৰশাসনিক জিলাৰ ভিতৰত এখন। ইয়াৰ সদৰ স্থান হৈছে মুছলপুৰ। বাক্সা জিলা বড়োলেণ্ড স্বায়ত্বশাসিত পৰিষদৰ অন্তৰ্ভুক্ত। ২০০৩ চনত ইয়াক নতুন জিলা ৰূপে ঘোষণা কৰা হয়। বাক্সা জিলাৰ মাটিকালি প্ৰায় ২৪০০ বৰ্গকিলোমিটাৰ।
  • মৰিগাওঁ (১৯৮৯ চনত ): মৰিগাঁও জিলা ভাৰতৰ অসম ৰাজ্যৰ ৩৫খন জিলাৰ ভিতৰত এখন। ইয়াৰ সদৰ স্থানৰ নামও মৰিগাঁও। পূৰ্বতে মৰিগাঁও নগাঁও জিলাৰ অন্তৰ্গত আছিল। ১৯৮৯ চনত ইয়াক এক সুকীয়া জিলাৰূপে স্বীকৃতি দিয়া হয়। সমগ্ৰ অসম তথা উত্তৰপূৰ্বাঞ্চল বিখ্যাত জোনবিল মেলা এই জিলাতে অনুষ্ঠিত হয়। পবিতৰা অভয়াৰণ্যৰ বাবেও মৰিগাঁও জিলা জনাজাত।
  • যোৰহাট (১৯৮৩ চনত ): যোৰহাট জিলা ভাৰতৰ অসম ৰাজ্যৰ ৩৩খন জিলাৰ ভিতৰত এখন। ইয়াৰ সদৰ স্থান যোৰহাট চহৰ। যোৰহাট জিলাক অসমৰ সাংস্কৃতিক প্ৰাণকেন্দ্ৰ বা সাংস্কৃতিক নগৰী বুলিও জনা যায়। পূৰ্বতে যোৰহাট শিৱসাগৰ জিলাৰ অন্তৰ্গত এটা মহকুমা আছিল। ১৯৮৩ চনত ইয়াক এক সুকীয়া জিলাৰূপে স্বীকৃতি দিয়া হয়।[3] জিলাখনক দুটা মহকুমাত ভাগ কৰা হৈছে: যোৰহাট আৰু তিতাবৰ। পূৰ্বতে মাজুলী যোৰহাট জিলাৰ এক মহকুমা আছিল। ২০১৬ বৰ্ষৰ ৮ ছেপ্টেম্বৰত মাজুলীক এখন পূৰ্ণ পৰ্যায়ৰ জিলাৰূপে অসম চৰকাৰে ঘোষণা কৰে। অবিভক্ত যোৰহাট জিলা বা মাজুলী জিলা গঠনৰ পূৰ্বৰ যোৰহাট জিলাৰ মুঠ মাটিকালি হৈছে ২,৮৫১ বৰ্গ কিলোমিটাৰ। ২০১১ চনৰ লোকপিয়ল মতে অবিভক্ত যোৰহাট জিলাৰ জনসংখ্যা হৈছে ১০,৯২,২৫৬ জন।
  • লক্ষীমপুৰ (১৮৩৮ চনত ): লখিমপুৰ (পূৰ্বৰ নাম লক্ষীমপুৰভাৰতৰ উত্তৰ-পূবত অৱস্থিত অসম ৰাজ্যৰ উত্তৰ-পূৱ কোণত অৱস্থিত এখন জিলা। উল্লেখ্য যে, ভাৰতৰ স্বাধীনতা আন্দোলনৰ সময়ত লক্ষীমপুৰ আৰু ডিব্ৰুগড় মহকুমা দুটাৰে তেতিয়াৰ লক্ষীমপুৰ জিলা গঠন হৈছিল। সেইসময়ত ইয়াৰ চাৰিসীমা আছিল: পূবে ব্ৰহ্মপুত্ৰ নদী, পশ্চিমে হাৱাজান নৈ, উত্তৰে নেফা আৰু দক্ষিণে লোহিত সুঁতি। [1] ১৯৭১ চনৰ ২ অক্টোবৰ তাৰিখে এই জিলাখনক লক্ষীমপুৰ আৰু ডিব্ৰুগড় জিলা হিচাপে দ্বিবিভক্ত কৰা হয়। পৰৱৰ্তী কালত লক্ষীমপুৰ জিলাৰ পৰা তেতিয়াৰ ধেমাজি মহকুমাকো আতঁৰাই সুকীয়া জিলাৰ স্বীকৃতি দিয়া হয়। বৰ্তমানৰ লখিমপুৰ জিলাৰ চাৰিসীমা হ’ল উত্তৰে অৰুণাচল প্ৰদেশ, দক্ষিণে মাজুলী জিলা আৰু ব্ৰহ্মপুত্ৰ নদী, পূবে ধেমাজি জিলা আৰু ডিব্ৰুগড় জিলা আৰু পশ্চিমে বিশ্বনাথ জিলা। জিলাখনৰ সদৰ হৈছে উত্তৰ লখিমপুৰ। মহকুমা ৩টা- উত্তৰ লখিমপুৰ নাৰায়ণপুৰ আৰু ঢকুৱাখনা
  • শিৱসাগৰ (১৮৬১ চনত গঠিত): শিৱসাগৰ জিলা ইংৰাজী: Sivasagar) ভাৰতৰ অসম ৰাজ্যৰ এখন প্ৰশাসনিক জিলা। ঐতিহাসিকভাবে এখন অতি গুৰুত্বপূৰ্ণ জিলা শিৱসাগৰৰ ঐতিহাসিক নাম চে’-মুন (আহোম: 𑜋𑜦𑜧 𑜉𑜤𑜃𑜫 [1]। ছশ বছৰীয়া আহোম ৰাজবংশৰ বহু উত্থান-পতনৰ সাক্ষী এই শিৱসাগৰ। সমগ্ৰ জিলাখনতে আহোমৰ শাসনকালৰ অলেখ স্থাপত্য, ভাস্কৰ্য, মৈদাম, পুখুৰী, গড়, আলিবাট আদি সিঁচৰতি হৈ আছে। জিলাখনৰ যি ঠাইলৈকে যোৱা হয় সেই ঠাইতে বুৰঞ্জীৰ সমল বিচাৰি পোৱা যায়৷
  • শোণিতপুৰ (১৯৮৩ চনত গঠিত): শোণিতপুৰ (ইংৰাজী: Sonitpur) ভাৰতৰ অসম ৰাজ্যৰ এখন প্ৰশাসনিক জিলা। জিলাখনৰ প্ৰধান সদৰ ঠাই হৈছে তেজপুৰ। ২০১১ চনৰ লোকপিয়ল[1] অনুসৰি নগাঁও আৰু ধুবুৰীৰ পিছত তৃতীয় জনবহুল জিলা। শোণিতপুৰ জিলা প্ৰাকৃতিকভাৱে অতি সুন্দৰ এখন জিলা আৰু বিভিন্ন জাতি-জনগোষ্ঠীৰ মিলনভূমি। শোণিতপুৰ জিলা বিভিন্ন ঐতিহাসিক সমলেৰে চহকী।
  • হাইলাকান্দি (১৯৮৯ চনত গঠিত): হাইলাকান্দি অসমৰ বৰাক উপত্যকাৰ এখন জিলা। ই অসমৰ একেবাৰে দক্ষিণ চুকত অৱস্থিত। ইয়াৰ সদৰ ঠাই হাইলাকান্দি নগৰ ৰাজ্যৰ ৰাজধানী গুৱাহাটীৰ পৰা ৩৫০ কি.মি. নিলগত। জিলাখনৰ অৱস্থিতি বৰাক উপত্যকাৰ মাজমজিয়াত। ইয়াৰ উত্তৰ আৰু উত্তৰ-পূব দিশ বৰাক নদী আৰু কাছাৰ জিলাই আগুৰি আছে। দক্ষিণ আৰু দক্ষিণ-পূবত মিজোৰাম ৰাজ্য। পশ্চিমে কৰিমগঞ্জ জিলা। বাঙালী আৰু মেইতেই (মণিপুৰী) এই অঞ্চলৰ চৰকাৰী ভাষা।
  • চৰাইদেউ (২০১৫ চনত গঠিত): চৰাইদেউ জিলা (আহোম ভাষাত চে-ৰাই-ডয়ৰ অৰ্থ: পাহাৰত জিলিকি থকা চহৰ; ইংৰাজী: Charaideo) অসমৰ এখন ন-কৈ গঠন কৰা জিলা যি প্ৰাচীন আহোম ৰাজধানী চহৰ চৰাইদেউ আৰু কিছু অঞ্চলক সামৰি গঠিত। ‌ ২০১৫ চনৰ ১৫ আগষ্টত তদানীন্তন অসমৰ মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে শিৱসাগৰ জিলাৰ চৰাইদেউ মহকুমাক আন চাৰিখন মহকুমাৰ সৈতে জিলাৰূপে ঘোষণা কৰে। জিলাখনৰ সদৰ স্থান সোণাৰি
  • পশ্চিম কাৰ্বি আংলং (২০১৬ চনত ): পশ্চিম কাৰ্বি আংলং জিলা অসমৰ ৩৩ খন জিলাৰ ভিতৰত নতুনকৈ গঠন হোৱা জিলা। কাৰ্বি আংলং জিলাৰ পশ্চিম অংশৰে ২০১৬ চনত এই জিলা আনুষ্ঠানিক ভাবে উদ্ধোধন কৰা হয়। জিলাখন কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ এটা অংশ। ইয়াৰ প্ৰশাসনিক কাম-কাজ সংবিধানৰ ষষ্ঠ অনুসুচী মতে চলোৱা হয়।
  • মাজুলী ( ২০১৬ চনত ): মাজুলী (ইংৰাজী: Majuli) অসমৰ ব্ৰহ্মপুত্ৰ নদীৰ মাজত থকা এটা বৃহৎ নদীদ্বীপ আৰু অসমৰ এখন জিলা। ২৭ জুন ২০১৬ চনত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মাজুলীক জিলা ঘোষণা কৰাত মাজুলী ভাৰতৰ প্ৰথমখন নদীদ্বীপ জিলা হৈ পৰে আৰু সেই সময়ৰ অসমৰ মুঠ জিলাৰ সংখ্যা ৩৩খন হয়।[1] পূৰ্বতে ই যোৰহাট জিলাৰ এটা মহকুমা আছিল। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ উদ্যোগৰ সত্ৰসমূহ লৈ ই মহাপুৰুষীয়া বৈষ্ণৱ ধৰ্ম আৰু সত্ৰীয়া সংস্কৃতিৰ পীঠ কেন্দ্ৰ। সেয়েহে মাজুলীক ‘সত্ৰ নগৰী’ বুলিও কোৱা হয়। পূৰ্বে মাজুলীৰ মাটিকালি ১২৫০ বৰ্গকিলোমিটাৰ (৪৮৩ বৰ্গমাইল) আছিল, কিন্তু খহনীয়াৰ ফলত ২০০১ চনত ইয়াৰ মাটিকালি হয়গৈ ৮৮০ বৰ্গকিলোমিটাৰ (১৬৩ বৰ্গমাইল)। ইয়াক আৱৰি থকা নদীৰ বিস্তৃতি বাঢ়ি অহাৰ লগে লগে মাজুলীৰ ভূমি সংকোচন হৈছে।
  • মানকাছাৰ (২০১৫ চনত ): দক্ষিণ শালমাৰা-মানকাচৰ জিলা অসমৰ ৩৫খন জিলাৰ ভিতৰত নতুন জিলা। গুৱাহাটীৰ পৰা প্ৰায় ২৪৫ কিঃমিঃ নিলগত অৱস্থিত হাটশিঙিমাৰি এই জিলাৰ সদৰ। জিলা গঠন হোৱাৰ আগত দক্ষিণ শালমাৰা-মানকাচৰ ধুবুৰী জিলাৰ মহকুমা আছিল।
  • বিশ্বনাথ (২০১৫ চনত ): বিশ্বনাথ জিলা (IPA: ˌbɪswəˈnɑːθ ˈtʃɑːrɪˌælɪ) অসমৰ এখন জিলা। ২০১৫ চনৰ ১৫ আগষ্ট তাৰিখে অসমৰ মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়ায়ে বিশ্বনাথ জিলা গঠন আনুষ্ঠানিকভাৱে ঘোষণা কৰিছিল।[1][2] শোণিতপুৰ জিলাৰ বিশ্বনাথ মহকুমাৰ বেছি ভাগ অংশ আৰু গহপুৰৰ কিছু অংশৰে বিশ্বনাথ জিলা গঠন কৰা হ’ল। ইয়াৰ উত্তৰে অৰুণাচল প্ৰদেশ দক্ষিণে ব্ৰহ্মপুত্ৰ নদ আৰু গোলাঘাট জিলা, পূবে লখিমপুৰ জিলা আৰু পশ্চিমে শোণিতপুৰ জিলা অৱস্থিত। জিলাখনৰ সদৰ ঠাই হৈছে বিশ্বনাথ চাৰিআলি
  • হোজাই (২০১৫ চনত গঠিত):
  • হোজাই অসমৰ ৩৫খন জিলাৰ ভিতৰত নতুন জিলা। ১৫ আগষ্ট ২০১৫ চনত হোজাই জিলা গঠন কৰা হয়। হোজাই নৱগঠিত হোজাই জিলাৰ সদৰ। নগাঁও জিলাৰ তিনিখন তহচিল হোজাই, ডবকা আৰু লংকাক একত্ৰিত কৰি হোজাই জিলা গঠন কৰা হয়। অসমীয়া এই অঞ্চলৰ চৰকাৰী ভাষা আৰু মেইতেই (মণিপুৰী) সহ-চৰকাৰী ভাষা।
  • তামুলপুৰ (২০২১ চনত গঠিত): তামুলপুৰ জিলা (ইংৰাজী: Tamulpur district) অসমৰ এখন জিলা। অসম কেবিনেটে বাক্সা জিলাৰ তামুলপুৰ মহকুমাক জিলালৈ উন্নীত কৰা প্ৰস্তাৱ গৃহীত কৰে। ২০২২ চনৰ ২৩ জানুৱাৰী তাৰিখে অসমৰ ৰাজ্যপাল জগদীশ মুখীয়ে তামুলপুৰক চৰকাৰীভাবে জিলালৈ উন্নীত কৰাৰ কথা ঘোষণা কৰে।[2] ই বড়োলেণ্ড ক্ষেত্ৰীয় পৰিষদৰ অন্তৰ্ভুক্ত পঞ্চমখন জিলা। তামুলপুৰ জিলালৈ উন্নীত কৰাৰ লগে লগে অসমৰ মুঠ জিলাৰ সংখ্যা ৩৫ খন হয়। তামুলপুৰ জিলাৰ সদৰ হৈছে তামুলপুৰ। অসম প্ৰশাসনিকসেৱাৰ বিষয়া সীমান্ত কুমাৰ দাস তামুলপুৰ জিলাৰ প্ৰথম উপায়ুক্ত।
  • বজালী ( ২০২১ চনত গঠিত): বজালী জিলা অসমৰ এখন জিলা। ২০২০ চনৰ ১০ আগষ্ট তাৰিখে অসম কেবিনেটে বৰপেটা জিলাৰ বজালী মহকুমাক জিলালৈ উন্নীত কৰা প্ৰস্তাৱ গৃহীত কৰে। ২০২১ চনৰ ১২ জানুৱাৰী তাৰিখে অসমৰ ৰাজ্যপাল জগদীশ মুখীয়ে বজালীক চৰকাৰীভাৱে জিলালৈ উন্নীত কৰাৰ কথা ঘোষণা কৰে। বজালীক জিলালৈ উন্নীত কৰাৰ লগে লগে অসমৰ মুঠ জিলাৰ সংখ্যা ৩৪ খন হয়। বজালী জিলাৰ সদৰ হৈছে পাঠশালা

Leave a Comment