Q: পানীৰ অভাৱৰ ফলত কি কি সমস্যা হব পাৰে ভাবি লিখা
Ans: পানীৰ অভাৱ হ’লে আমি প্রথমে সম্মুখীন হ’ব লাগিব খােৱাপানীৰ সমস্যাৰ। ইয়াৰ পিছতে আহিব খাদ্য সমস্যাৰ। কাৰণ পানীৰ অভাৱৰ ফলত উদ্ভিদ বা অৰণ্য আদি সংকুচিত হ’ব আৰু কৃষি-কার্য ক্ষতিগ্রস্ত হ’ব। আমি পানী ব্যৱহাৰ কৰা ঘৰুৱা কাম-কাজ আদিও পানীৰ অভাৱৰ ফলত ব্যাঘাত ঘটিব। বিভিন্ন শিল্প উদ্যোগ, জলবিদ্যুৎ উৎপাদন কেন্দ্র আদি পানীৰ অভাৱৰ ফলত খুব বেয়া ধৰণে ক্ষতিগ্রস্ত হ’ব। ইয়াৰ উপৰিও বিভিন্ন জলজ উদ্ভিদ, প্রাণী, মাছ-কাছ আদিও পানীৰ অভাৱৰ ফলত ক্ষতিগ্রস্ত হ’ব তথা নােহােৱা হ’ব। মুঠৰ ওপৰত ক’ব পাৰি যে, পানীৰ অভাৱ হ’লে আমাৰ চাৰিওফালে এক ভাৰসাম্যহীন অৱস্থাৰ সৃষ্টি হ’ব।