অনানুষ্ঠানিক শিক্ষা: Question Answers 2024-25

অনানুষ্ঠানিক শিক্ষা

১ নম্বৰৰ প্রশ্নসমূহ

ক) খালী ঠাই পূৰণ কৰা

১। কেন্দ্রীয় চৰকাৰে প্রতিষ্ঠা কৰা ভাৰতৰ প্রথম মুক্ত বিশ্ববিদ্যালয়খন হৈছে______ ।
উত্তৰ : কেন্দ্রীয় চৰকাৰে প্রতিষ্ঠা কৰা ভাৰতৰ প্রথম মুক্ত বিশ্ববিদ্যালয়খন হৈছে ইন্দিৰা গান্ধী মুক্ত বিশ্ববিদ্যালয় ।

২। ভাৰতৰ প্রথমখন মুক্ত বিশ্ববিদ্যালয়খনৰ নাম হৈছে_____ ।
উত্তৰ : ভাৰতৰ প্রথমখন মুক্ত বিশ্ববিদ্যালয়খনৰ নাম হৈছে অন্ধ্রপ্রদেশ মুক্ত বিশ্ববিদ্যালয় ।

৩। অগতানুগতিক শিক্ষাৰ নিম্নসীমা_____ নহয় ।
উত্তৰ : অগতানুগতিক শিক্ষাৰ নিম্নসীমা নির্ধাৰিত নহয় ।

৪। আনুষ্ঠানিক শিক্ষাঃবিদ্যালয়, অগতানুগতক শিক্ষাঃ_____ ।
উত্তৰ : আনুষ্ঠানিক শিক্ষাঃবিদ্যালয়, অগতানুগতক শিক্ষাঃ যোগাযোগ পাঠ্যক্রম ।

৫। ছাত্র আৰু শিক্ষকৰ মাজত পার্থক্য ____ শিক্ষাৰ গুৰুত্বপূর্ণ বৈশিষ্ট্য ।
উত্তৰ : ছাত্র আৰু শিক্ষকৰ মাজত পার্থক্য দূৰ শিক্ষাৰ গুৰুত্বপূর্ণ বৈশিষ্ট্য ।

৬। অগতানুগতিক শিক্ষাই_____ বিষয়বোৰৰ ওপৰত গুৰুত্ব দিয়ে ।
উত্তৰ : অগতানুগতিক শিক্ষাই ব্যক্তিগত প্রয়োজনভিত্তিক বিষয়বোৰৰ ওপৰত গুৰুত্ব দিয়ে ।

৭। অগতানুগতিক শিক্ষা______ শিক্ষাৰ পৰিপূৰক আৰু সহায়কাৰী ।
উত্তৰ : অগতানুগতিক শিক্ষা আনুষ্ঠানিক শিক্ষাৰ পৰিপূৰক আৰু সহায়কাৰী ।

৮। অগতানুগতিক শিক্ষা_____ আৰু ইচ্ছাকৃত ।
উত্তৰ : অগতানুগতিক শিক্ষা স্বতঃস্ফুৰ্ত আৰু ইচ্ছাকৃত ।

৯।_____চনত ইন্দিৰা গান্ধী মুক্ত বিশ্ববিদ্যালয় প্রতিষ্ঠা হৈছিল ।
উত্তৰ : ১৯৮৫ (২০ ছেপ্তেম্বৰ) চনত ইন্দিৰা গান্ধী মুক্ত বিশ্ববিদ্যালয় প্রতিষ্ঠা হৈছিল ।

১০।_____সর্বপ্রথমে ডাকযোগে শিক্ষাৰ প্রবর্তন কৰিছিল ।
উত্তৰ : ১৮৪০ চনত আইজাক পিটমেনে সর্বপ্রথমে ডাকযোগে শিক্ষাৰ প্রবর্তন কৰিছিল ।

১১। ডাকযোগে শিক্ষাত যোগাযোগৰ মাধ্যম হৈছে______ ।
উত্তৰ : ডাকযোগে শিক্ষাত যোগাযোগৰ মাধ্যম হৈছে ডাকঘৰ আৰু ডাকযোগে প্রেৰণ কৰা ছপা শিকন সামগ্রী।

১২। ভাৰতত সর্বপ্রথম মুক্ত স্কুল_____ চনত প্রতিষ্ঠা হৈছিল ।
উত্তৰ : ভাৰতত সর্বপ্রথম মুক্ত স্কুল(‘Open School’) জুলাইত, ১৯৭৯ চনত প্রতিষ্ঠা হৈছিল ।

১৩। ১৯৮৯ চনত Book Keeping ৰ ওপৰত ____ ডাকযোগে শিক্ষাৰ পাঠ্যক্রম প্রয়াস কৰিছিল ।
উত্তৰ : ১৯৮৯ চনত Book Keeping ৰ ওপৰত চাৰ আইজাক পিটমেনে(Sir Isaac Pitman) সর্বপ্রথমেডাকযোগে শিক্ষাৰ পাঠ্যক্রম প্রয়াস কৰিছিল ।

১৪।____ চনত ভাৰত চৰকাৰে ডাকযোগে শিক্ষা আৰু আবেলি মহাবিদ্যালয় প্রতিষ্ঠা কৰিছিল ।
উত্তৰ : ১৯৬২ চনত ভাৰত চৰকাৰে ডাকযোগে শিক্ষা আৰু আবেলি মহাবিদ্যালয় প্রতিষ্ঠা কৰিছিল ।

১৫। ডাকযোগে শিক্ষা আৰু ‘আবেলি কলেজ, কমিটি’ৰ অধ্যক্ষ আছিল_____ ।
উত্তৰ : ডাকযোগে শিক্ষা আৰু ‘আবেলি কলেজ, কমিটি’ৰ অধ্যক্ষ আছিল আইজাক পিটমেন ।

১৬। ইন্দিৰা গান্ধী মুক্ত বিশ্ববিদ্যালয়_____ত অবস্থিত ।
উত্তৰ : ইন্দিৰা গান্ধী মুক্ত বিশ্ববিদ্যালয় দিল্লীত অৱস্থিত ।

১৭। কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়____ চনত প্রতিষ্ঠা কৰা হৈছিল ।
উত্তৰ : কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় ২০০৭ চনত প্রতিষ্ঠা কৰা হৈছিল ।

১৮। ‘দূৰ শিক্ষা’ শব্দটো প্রথমে____ব্যবহাৰ কৰিছিল ।
উত্তৰ : ‘দূৰ শিক্ষা’ শব্দটো প্রথমে কিগান (Keegan)ব্যবহাৰ কৰিছিল ।

১৯। অগতানুগতিক শিক্ষাৰ লগত জড়িত থকা এটা সংস্থা হৈছে_____ ।
উত্তৰ : অগতানুগতিক শিক্ষাৰ লগত জড়িত থকা এটা সংস্থা হৈছে দিল্লী বিশ্ববিদ্যালয় ।

২০। ভাৰতত প্রথম মুক্ত শিক্ষা_____ চনত আৰম্ভ হৈছিল ।
উত্তৰ : ভাৰতত প্রথম মুক্ত শিক্ষা ১৯৭৯ চনত আৰম্ভ হৈছিল ।

২১। ভাৰতত প্রথমখন মুক্ত বিশ্ববিদ্যালয় _____ চনত প্রতিষ্ঠা হৈছিল ।
উত্তৰ : ভাৰতত প্রথমখন মুক্ত বিশ্ববিদ্যালয় ১৮৮২(অন্ধ্রপ্রদেশ মুক্ত বিশ্ববিদ্যালয়) চনত প্রতিষ্ঠা হৈছিল ।

খ) শুদ্ধ নে অশুদ্ধ লিখা

২২। অগতানুগতিক শিক্ষা জীবনব্যাপী ।
উত্তৰ : শুদ্ধ ।

২৩। অগতানুগতিক শিক্ষাৰ কোনো নির্ধাৰিত পাঠ্যক্রম নাথাকে ।
উত্তৰ : অশুদ্ধ ।

২৪। দূৰ শিক্ষা এক মিতব্যয়ী শিক্ষাব্যবস্থা ।
উত্তৰ : শুদ্ধ ।

২৫। অগতানুগতিক শিক্ষাৰ সুযোগ কেবল মাত্র বিদ্যালয় বৰ্হিভূত শিক্ষার্থীৰ ক্ষেত্রত সীমাবদ্ধ ।
উত্তৰ : অশুদ্ধ ।

২৬। অগতানুগতিক শিক্ষাই শিক্ষার্থীৰ সাৰ্বিক বিকাশত সহায় কৰিব নোৱাৰে ।
উত্তৰ : অশুদ্ধ ।

২৭। দূৰ শিক্ষা শিক্ষার্থীকেন্দ্রিক ।
উত্তৰ : শুদ্ধ ।

২৮। অগতানুগতিক শিক্ষা সকলো ধৰণৰ দৃঢ় বান্ধোনৰ পৰা মুক্ত ।
উত্তৰ : শুদ্ধ ।

২৯। অগতানুগতিক শিক্ষা শিক্ষার্থীৰ চাহিদা ভিত্তিক নহয় ।
উত্তৰ : অশুদ্ধ ।

৩০। দূৰ শিক্ষা সদায় মুক্ত শিক্ষা ।
উত্তৰ : শুদ্ধ ।

৩১। নমনীয়তাই অগতানুগতিক শিক্ষাক গতানুগতিক শিক্ষাৰ পৰা পৃথক কৰে ।
উত্তৰ : শুদ্ধ ।

৩২। অগতানুগতিক শিক্ষা ইচ্ছাকৃত নহয় ।
উত্তৰ : অশুদ্ধ ।

৩৩। দূৰ শিক্ষা হৈছে এক প্রকাৰ অনানুষ্ঠানকেন্দ্রিক ।
উত্তৰ : শুদ্ধ ।

৩৪। মুক্ত শিক্ষাত মাত্র এবাৰেই প্রবেশৰ সুবিধা আছে ।
উত্তৰ : অশুদ্ধ ।

৩৫। সকলো দূৰ শিক্ষা সদায় মুক্ত নহয় ।
উত্তৰ : শুদ্ধ ।

৩৬। দূৰ শিক্ষা মুক্ততা অবিহনেও সম্ভৱ হয় ।
উত্তৰ : শুদ্ধ ।

৩৭। অগতানুগতিক শিক্ষা উদ্দেশ্যপূৰ্ণ আৰু পৰিকল্পিত ।
উত্তৰ : শুদ্ধ ।

৩৮। অবিৰত শিক্ষাই আনুষ্ঠানিক শিক্ষাৰ সীমাবদ্ধতাসমূহ দূৰ কৰে ।
উত্তৰ : শুদ্ধ ।

৩৯। অগতানুগতিক শিক্ষাৰ আনুষ্ঠানিক শিক্ষাৰ লগত কোনো সম্পর্ক নাই
উত্তৰ : অশুদ্ধ ।

৪০। অগতানুগতিক শিক্ষা কেবল মাত্র বিদ্যালয় বহিৰ্ভুত শিক্ষার্থীৰ বাবেহে ।
উত্তৰ : অশুদ্ধ ।

৪১। ১৯৬২ চনত দিল্লী বিশ্ববিদ্যালয়ে ডাকযোগে শিক্ষা ব্যৱস্থাৰ প্রৱৰ্তন কৰে ।
উত্তৰ : শুদ্ধ ।

৪২। ডাকযোগে শিক্ষাৰ যোগেদি Book Keeping ৰ ওপৰত চাৰ আইজাক পিটমেনে সর্বপ্রথমবাৰৰ বাবে পাঠ্যক্রমৰ প্রৱৰ্তন কৰে ।
উত্তৰ : শুদ্ধ ।

৪৩। ডাকযোগে শিক্ষা গতানুগতিক শিক্ষাৰ এক নমনীয় বর্ধিত অংশ ।
উত্তৰ : শুদ্ধ ।

৪৪। দূৰ শিক্ষা আৰু মুক্ত শিক্ষাৰ মাজত কোনো পার্থক্য নাই ।
উত্তৰ : অশুদ্ধ ।

৪৫। মুক্ত শিক্ষাত মূল্যায়নৰ ব্যৱস্থা নাই ।
উত্তৰ : অশুদ্ধ ।

৪৬। দূৰ শিক্ষাৰ কিছুমান কাৰ্যসূচী অনমনীয় ।
উত্তৰ : অশুদ্ধ ।

৪৭। মুক্ত শিক্ষা আৰু আনুষ্ঠানিক শিক্ষাৰ পাঠ্যক্রম তুলনা নহয় ।
উত্তৰ : অশুদ্ধ ।

৪৮। ১৯৭১ চনত আমেৰিকাত সর্বপ্রথম মুক্তবিশ্ববিদ্যালয় প্রতিষ্ঠা হৈছিল ।
উত্তৰ : অশুদ্ধ ।

৪৯। ১৯৮৬ চনত ইন্দিৰা গান্ধী মুক্ত বিশ্ববিদ্যালয় প্রতিষ্ঠা কৰা হৈছিল ।
উত্তৰ : অশুদ্ধ ।

৫০। IGNOU হৈছে বিশ্বৰ ভিতৰতে বৃহৎ বিশ্ববিদ্যালয় ।
উত্তৰ : অশুদ্ধ ।

৫১। ইন্দিৰা গান্ধী মুক্ত বিশ্ববিদ্যালয় হৈছে ভাৰতৰ সর্বপ্রথম মুক্ত বিশ্ববিদ্যালয় ।
উত্তৰ : অশুদ্ধ ।

৫২। দূৰ শিক্ষা ব্যৱস্থাত শিকন-শিক্ষণ প্রক্রিয়া ব্যক্তিকেন্দ্রিক ।
উত্তৰ : শুদ্ধ ।

গ) চমু উত্তৰ দিয়া (পৰাপক্ষত এটা বাক্যতে)

৫৩। IGNOU ৰ সম্পূর্ণ রূপটো কি?
উত্তৰ : IGNOU ৰ সম্পূর্ণ রূপটো হ’ল- Indira Gandhi National Open University .

৫৬। ভাৰতৰ প্রথম মুক্তবিশ্ববিদ্যালয়খনৰ নাম কি?
উত্তৰ : ভাৰতৰ প্রথম মুক্তবিশ্ববিদ্যালয়খনৰ হ’ল- অন্ধ্রপ্রদেশ মুক্ত বিশ্ববিদ্যালয় (১৮৮২) ।

৫৭। অসমৰ প্রথম মুক্ত বিশ্ববিদ্যালয়খনত নাম কি?
উত্তৰ : অসমৰ প্রথম মুক্ত বিশ্ববিদ্যালয়খনত নাম হ’ল- কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় ।

৫৮। অগতানুগতিক শিক্ষা প্রতিষ্ঠানিক নে? যুক্তি দিয়া ।
উত্তৰ : অগতানুগতিক শিক্ষা প্রতিষ্ঠানিক হয় । কাৰণ, শিক্ষাৰ আচনি তৈয়াৰ কৰা, শিক্ষাৰ সামগ্রী বা সমলসমুহৰ যোগান ধৰা, প্রমানপত্র আদিবোৰ প্রতিষ্ঠানৰ মাধ্যমেৰেই কৰা হয় ।

৫৯। দূৰ শিক্ষাব্যৱস্থাত শিক্ষক-শিক্ষার্থীৰ প্রত্যক্ষ সংযোগ স্থাপনৰ মাধ্যমটো কি?
উত্তৰ : দূৰ শিক্ষাব্যৱস্থাত শিক্ষক-শিক্ষার্থীৰ প্রত্যক্ষসংযোগ স্থাপনৰ মাধ্যমটো হ’ল- পৰোক্ষ ভাৱে । এই শিকাত শিকাৰুসকলে শিক্ষকৰ মুখামুখি হব নোৱাৰে ।

৬০। বিশ্বৰ বৃহৎ মুক্ত বিশ্ববিদ্যালয় খনৰ নাম কি?
উত্তৰ : বিশ্বৰ বৃহৎ মুক্ত বিশ্ববিদ্যালয় খনৰ নাম হ’ল- চীন দেশৰ টেলিভিছন মুক্ত বিশ্ববিদ্যালয় ।

৬১। বিশ্বৰ দ্বিতীয় বৃহৎ মুক্ত বিশ্ববিদ্যালয়খনৰ নাম কি?
উত্তৰ : বিশ্বৰ দ্বিতীয় বৃহৎ মুক্ত বিশ্ববিদ্যালয়খনৰ নাম ইন্দিৰা গান্ধী ৰাষ্ট্রীয় মুক্ত বিশ্ববিদ্যালয় ।

৬২। তুমি জনা এখন মুক্ত বিদ্যালয়ৰ নাম লিখা ।
উত্তৰ : এখন মুক্ত বিদ্যালয়ৰ নাম হ’ল- দিল্লী মুক্ত বিদ্যালয় আৰু NIOS ।

৬৩। দিল্লী বিশ্ববিদ্যালয়ে কোন চনত ডাকযোগে শিক্ষাৰ পাঠ্যক্রম আৰম্ভ কৰিছিল?
উত্তৰ : দিল্লী বিশ্ববিদ্যালয়ে ১৯৬২ চনত ডাকযোগে শিক্ষাৰ পাঠ্যক্রম আৰম্ভ কৰিছিল ।

৬৪। SLM ৰ অর্থ কি?
উত্তৰ : SLM ৰ অর্থ হ’ল- Self Learning Material অর্থাৎ আত্ম শিক্ষণ সঁজুলি ।

৬৫।কোনে দূৰ শিক্ষাক ‘টেলিগ্রামিক শিক্ষা’ বুলি কৈছিল ?
উত্তৰ : ম’ৰে দূৰ শিক্ষাক ‘টেলিগ্রামিক শিক্ষা’ বুলি কৈছিল ।

৬৬। ডাকযোগে শিক্ষাৰ যোগাযোগৰ মাধ্যমটো কি?
উত্তৰ : ডাকযোগে শিক্ষাৰ যোগাযোগৰ মাধ্যমটো হ’ল- ডাকঘৰ ।

৬৭। অগতানুগতিক শিক্ষাক কিয় চাহিদাভিত্তিক শিক্ষা বুলি কোৱা হয়?
উত্তৰ : অগতানুগতিক শিক্ষাত নামভৰ্তিৰ মাচুল তেনেই কম । ছাত্র-ছাত্রী সকলে সদায় শ্রেণিকোঠাত উপস্থিত থাকিব নালাগে যাৰ বাবে যাতায়ত খৰচ বহু পৰিমাণে কম হয় । ইয়াৰ উপৰিও আন সকলো শিতানত অত্যন্ত কম খৰচতে এই শিক্ষাৰ সুযোগ লাভ কৰিব পাৰি । সেয়েহে, অগতানুগতিক শিক্ষাক চাহিদাভিত্তিক শিক্ষা বুলি কোৱা হয় ।

খ) ২ নম্বৰৰ প্রশ্ন

৬৮। অগতানুগতিক শিক্ষা মানে কি বুজা?
উত্তৰ : যি শিক্ষাব্যৱস্থাৰ মাধ্যমেৰে আনুষ্ঠানিক শিক্ষাৰ প্রতিবন্ধক আৰু ক্রটীসমূহ দুৰীকৰণৰ উদ্দেশ্যে সকলো ল’ৰা-ছোৱালী আৰু নাগৰিকৰ বাবে শিক্ষা প্রক্রিয়া তৈয়াৰ কৰা হৈছে, সেই শিক্ষাব্যৱস্থাক অগতানুগতিক বা অনানুষ্ঠানিক শিক্ষা বুলি কোৱা হয় ।

৬৯। অগতানুগতিক শিক্ষাৰ সংজ্ঞা লিখা ।
উত্তৰ : অগতানুগতিক শিক্ষা হৈছে বৰ্তমান সমাজৰ লোকৰ এক প্ৰয়োজন-ভিত্তিক শিক্ষা। ইয়াৰ সংজ্ঞা দি ক’ব পাৰি যে-
“স্কুল-কলেজৰ আনুষ্ঠানিক শিক্ষাৰ বাহিৰত সু-সংগঠিত আৰু প্ৰণালীবদ্ধভাৱে কেতবোৰ নিৰ্বাচিত বিষয়ত অধিক স্বাধীনতা, মিতব্যয়িতা আৰু গতিশীলতাৰ নীতি ৰক্ষা কৰি দিয়া শিক্ষাই হৈছে অগতানুগতিক শিক্ষা ।”

৭০। অগতানুগতিক শিক্ষাত শিক্ষকৰ ভূমিকা কি?
উত্তৰ : অগতানুগতিক শিক্ষাত শিক্ষকসকল ছাত্র-ছাত্রীক প্রত্যক্ষ ভাবে লগ কৰাৰ সুযোগ অতি কম । সেয়েহে, পৰোক্ষভাবে তেওঁলোকে শিক্ষাৰ সমল, মূল্যায়ণৰ পাঠ্যসূচী, চিঠি-পত্রৰ জৰীয়তে উপদেশ আদি প্রদান কৰিব লাগে । লগতে, শিক্ষার্থীসকলৰ সমস্যাসমূহ পৰোক্ষ ভাবে সমাধান কৰিব লাগে ।

৭১। মুক্ত শিক্ষাত ‘মুক্ত’ মানে কি বুজা?
উত্তৰ : মুক্ত শিক্ষাত ‘মুক্ত’ মানে হ’ল কোনো বান্ধ বা বাধ্যতামূলক নথকা । লগতে, মুক্ত শব্দটোয়ে শিক্ষা গ্রহণ, সময়সীমা, নীতিসমূহ, পৰীক্ষাৰ ক্ষেত্রত আদি সকলো ক্ষেত্রতে শিক্ষার্থী সকলক মুক্ত ভাবে জ্ঞান অর্জন কৰাৰ ব্যবস্থা প্রদান কৰাকে সূচায় ।

৭২। মুক্ত শিক্ষা কি?
উত্তৰ : মুক্ত শিক্ষা হ’ল আধুনিক শিক্ষা ব্যৱস্থাৰ এক নব্য সংযোজন যি শিক্ষাই আনুষ্ঠানিক শিক্ষাৰ বাধ্যবাধকতা নীতি আৰু সীমাবদ্ধতাসমূহ দূৰ কৰি সমাজৰ সকলো ব্যক্তিৰ বা নাগৰিক বা শিক্ষার্থীৰ বাবে শিক্ষাৰ প্রয়োজনসমূহক পূৰণ কৰে আৰু শিক্ষা গ্রহণৰ সুবিধা প্রদান কৰে ।

৭৩। দূৰ শিক্ষা কি?
উত্তৰ : দূৰ শিক্ষা বা দূৰত্ব শিক্ষা ব্যৱস্থা হ’ল- আধুনিক শিক্ষাজগতৰ এক অভিনৱ সংযোজন, যি অনানুষ্ঠানিক শিক্ষা মাধ্যমেৰে সকলো নাগৰিক বা মানুহ বা শিক্ষার্থীৰ বাবে দৈনিক শিক্ষানুষ্ঠানত উপস্থিত নথকায়ৈ নিজ বাসগৃহতে থাকি বা ঘৰৰে পৰাই বিভিন্ন শিক্ষাগ্রহণৰ সুবিধা গ্রহণ কৰিব পাৰে ।
দূৰ শিক্ষা বা দূৰত্ব শিক্ষা ব্যৱস্থাৰ মূল ধাৰা বা দিশ তিনিটা । সেইকেইটা হ’ল-
(ক) শিক্ষাৰ্থীকেন্দ্রিক শিক্ষা
(খ) পৰোক্ষ শিক্ষা
(গ) প্রকৃত জীৱনবোধৰ শিক্ষা

৭৪। দূৰ শিক্ষাৰ এটা সংজ্ঞা লিখা ।
উত্তৰ : টেক ফকচ অর্থাৎ Tack Fokes ৰ মতে, “দূৰ শিক্ষা হৈছে এবিধ শিক্ষা আহৰণৰ প্রক্রিয়া বা পদ্ধতি, যি বিদ্যালয় চৌহদৰ শিক্ষা ব্যৱস্থাত থকা কেতবোৰ বৈশিষ্ট্যতকৈ পৃথক ।”

৭৫। ডাকযোগে শিক্ষাক কিয় ডাক শিক্ষা বুলি জনা যায়?
উত্তৰ : ডাকযোগে শিক্ষাক ডাক শিক্ষা বুলি জনা যায় কাৰণ এই শিক্ষাত ডাক সেৱাৰ জৰীয়তে শিক্ষণ সমল, শিক্ষণ সম্পর্কীয় চিঠি-পত্র আদি প্রেৰণ কৰি শিক্ষার্থীসকলক শিক্ষা গ্রহণত সুবিধা প্রদান কৰে । লগতে, শিক্ষক আৰু শিক্ষার্থী বার্তা-লাপ আৰু শিক্ষা সম্বন্ধীয় আলাপ-আলোচনা ডাকযোগে সম্পন্ন কৰা হয় ।

৭৬। ডাকযোগে শিক্ষাৰ উৎপত্তিৰ বিষয়ে লিখা ।
উত্তৰ : ডাকযোগে বা পত্রযোগে শিক্ষাৰ ধাৰণাটো পোন প্রথমে আইজাক পিটমেনে (Issac Pitman) ১৮৪০ চনত ‘চৰ্টজেণ্ড কোৰ্চ’ শিক্ষাৰ কাৰণে ব্যৱহাৰ কৰিছিল । তথাপি, শিক্ষাৰ ক্ষেত্রত ১৮৫৬ চনতহে এই ধাৰণাটো জার্মানত আৰম্ভ হৈছিল । ডাকযোগে ভাষা শিক্ষাৰ বাবে Charles Toussaint নামৰ ফৰাচী লোকজনে জার্মানিত ১৮৫৬ চনত প্রথম স্কুলখন স্থাপন কৰিছিল ।পৰৱৰ্তী পৰ্যায়ত, বহু পাছত ১৯৬২ চনত ভাৰত বর্ষত দিল্লী বিশ্ববিদ্যালয়ে ডাকযোগে শিক্ষা আৰু অবিৰত শিক্ষাৰ বাবে সঞ্চালকালয় খুলি এনে পাঠ্যক্রম আৰম্ভ কৰিছিল আৰু পাছলৈ বিভিন্ন বিশ্ববিদ্যালয়ে গ্রহণ কৰিছিল ।

৭৮। দূৰ শিক্ষা শিক্ষাৰ এক নমনীয় পদ্ধতি- ব্যাখ্যা কৰা ।
উত্তৰ : আনুষ্ঠানিক শিক্ষাত বহুতো নীতি-নিয়ম মানি চলিব লগা হয় আৰু অতি খৰচী । সেয়ে বহুতো শিক্ষার্থীয়ে এনে শিক্ষা গ্রহণ কৰিব নোৱাৰে । এই ক্ষেত্রত দূৰ শিক্ষাই নীতি-নিয়মৰ শিথিলতাৰে আৰু কম খৰচেৰে শিক্ষাৰ সুবিধা প্রদান কৰে । সেয়েহে, দূৰ শিক্ষা শিক্ষাৰ এক নমনীয় পদ্ধতি বুলি কোৱা হয় ।

৭৯। ‘দ্বিমুখী যোগাযোগ দূৰ শিক্ষাৰ এক গুৰুত্বপূর্ণ দিশ”- আলোচনা কৰা।
উত্তৰ : ‘দ্বিমুখী যোগাযোগ দূৰ শিক্ষাৰ এক গুৰুত্বপূর্ণ দিশ” । দূৰ শিক্ষা এনে এক শৈক্ষিক পদ্ধতি যত দ্বৈত পথ যোগাযোগেৰে সম্পন্ন হয় । শিক্ষার্থীসকলে ‘প্রতিক্রিয়া তালিকা’ৰ মাধ্যমেৰে নিজৰ নিজৰ প্রতিক্রিয়াসমূহ প্রকাশ কৰিব পাৰে । লগতে, আন আহিলা সমূহৰ মাধ্যমেৰে আহৰণ কৰা জ্ঞানসমূহ পুনৰ উৎপাদনঅৱগত কৰাব পাৰে । এই পদ্ধতিটোক Feedback বোলা হয় । অনুষ্ঠানৰ সৈতে শিক্ষার্থীসকলে যোগসূত্র স্থাপন কৰি সোমাই পৰিব পাৰে । সেয়ে দ্বিমুখী বোলা হয় ।

৮০। অগতানুগতিক শিক্ষাক আনুষ্ঠানিক শিক্ষাৰ কিয় পৰিপূৰক বুলি কোৱা হয়?
উত্তৰ : আনুষ্ঠানিক শিক্ষাত বহুতো নীতি-নিয়ম মানি চলিব লগা হয় আৰু অতি খৰচী । সেয়ে বহুতো শিক্ষার্থীয়ে এনে শিক্ষা গ্রহণ কৰিব নোৱাৰে । এই ক্ষেত্রত অগতনুগতিক শিক্ষাই নীতি-নিয়মৰ শিথিলতাৰে আৰু কম খৰচেৰে শিক্ষাৰ সুবিধা প্রদান কৰে । সেয়েহে, অগতানুগতিক শিক্ষাক আনুষ্ঠানিক শিক্ষাৰ কিয় পৰিপূৰক বুলি কোৱা হয় ।

৮১। অগতানুগতিক শিক্ষাৰ দ্বাৰা উপকৃত হোৱা দুই শ্রেণীৰ ব্যক্তিৰ বিষয়ে উল্লেখ কৰা ।
উত্তৰ : অগতানুগতিক শিক্ষাৰ দ্বাৰা উপকৃত হোৱা
দুই শ্রেণীৰ ব্যক্তি হ’লঃ

(ক)আধাতে শিক্ষা সাং কৰা ছাত্র-ছাত্রীসকল ।
(খ) প্রাপ্ত বয়স্ক লোক সকল ।

গোট-২
অগতানুগতিক শিক্ষা

১। দূৰত্ব শিক্ষা বুলিলে কি বুজা ? দূৰ শিক্ষা বা দূৰত্ব শিক্ষা ব্যৱস্থাৰ মূল ধাৰা বা দিশ কেইটা আৰু কি কি ?

উত্তৰ : দূৰ শিক্ষা বা দূৰত্ব শিক্ষা ব্যৱস্থা হ’ল- আধুনিক শিক্ষাজগতৰ এক অভিনৱ সংযোজন, যি অনানুষ্ঠানিক শিক্ষা মাধ্যমেৰে সকলো নাগৰিক বা মানুহ বা শিক্ষার্থীৰ বাবে দৈনিক শিক্ষানুষ্ঠানত উপস্থিত নথকায়ৈ নিজ বাসগৃহতে থাকি বা ঘৰৰে পৰাই বিভিন্ন শিক্ষাগ্রহণৰ সুবিধা গ্রহণ কৰিব পাৰে ।

দূৰ শিক্ষা বা দূৰত্ব শিক্ষা ব্যৱস্থাৰ মূল ধাৰা বা দিশ তিনিটা । সেইকেইটা হ’ল-
(ক) শিক্ষাৰ্থীকেন্দ্রিক শিক্ষা
(খ) পৰোক্ষ শিক্ষা
(গ) প্রকৃত জীৱনবোধৰ শিক্ষা

২। দূৰ শিক্ষা বা দূৰত্ব শিক্ষাৰ সংজ্ঞা দিয়া ।

উত্তৰ :
দহমেনৰ সংজ্ঞা মতে দূৰ শিক্ষা বা দূৰত্ব শিক্ষা হ’ল- “A systematically organised form of self study in which student counselling, the presentation organised from of self study in which student’s success is carried out by a team of teachers, each of whom has responsibilities. it is made possible at a distance by means of media which can cover long distance.”

মূৰৰ সংজ্ঞা মতে দূৰ শিক্ষা বা দূৰত্ব শিক্ষা হ’ল- “The family of instructional methods in which the teaching behaviours are performed apart from learning behaviours including those that in a continuous situation would be performed in the learner’s presence so that communication between the teacher and the learner must be facilitated by print, electronic, mechanical or other devices.”

৩। মুক্ত শিক্ষা কাক কোৱা হয় ? বা মুক্ত শিক্ষা বুলিলে কি বুজা ?
উত্তৰ : মুক্ত শিক্ষা হ’ল আধুনিক শিক্ষা ব্যৱস্থাৰ এক নব্য সংযোজন যি শিক্ষাই আনুষ্ঠানিক শিক্ষাৰ নীতি আৰু সীমাবদ্ধতাসমূহ দূৰ কৰি সমাজৰ সকলো ব্যক্তিৰ বা নাগরিক বা শিক্ষার্থীৰ বাবে শিক্ষাৰ প্রয়োজনসমূহক পূৰণ কৰে আৰু শিক্ষা গ্রহণৰ সুবিধা প্রদান করে ।

৪।মুক্ত বিদ্যালয়ৰ শিক্ষাৰ্থী কোন কোন হব পাৰে ?
উত্তৰ : দেশ এখনৰ সকলো পর্যায়ৰ নাগৰিক, অবিৰত প্রক্রিয়াৰে শিক্ষা লাভৰ পৰা বঞ্চিত হোৱা আৰু শিক্ষা লাভৰ সুযোগ নোপোৱাসকল, প্রাথমিক শিক্ষা ব্যৱস্থাক সার্বজনীন কৰি তোলাৰ ক্ষেত্রত বিভিন্ন কর্মকর্তাসকল, বয়স্কলোকসকল, সমাজৰ সকলো শ্রেণী ব্যক্তি, আদি ব্যক্তিসকল মুক্ত বিদ্যালয়ৰ শিক্ষাৰ্থী হব পাৰে ।

৫।মুক্ত বিদ্যালয় স্থাপন কৰাৰ উদ্দেশ্য কি ? বা মুক্ত বিদ্যালয় স্থাপন কৰাৰ তিনিটা উদ্দেশ্য লিখা ।
উত্তৰ : মুক্ত বিদ্যালয় স্থাপন করাৰ উল্লেখযোগ্য কেইটামান/তিনিটা উদ্দেশ্য হ’লঃ
(ক) সমাজৰ সকলো নাগৰিক আৰু তেওঁলোকৰ ল’ৰা-ছোৱালীয়ে যাতে শিক্ষা সমভাৱে লাভ কৰিব পাৰে সেই উদ্দেশ্যে মুক্ত বিদ্যালয় সমূহ স্থাপন কৰা হৈছে ।
(খ) অর্থনৈতিকভাৱে পিছপৰা ছাত্র-ছাত্রীসকলৰ শিক্ষা লাভ কৰাৰ দিশত এই বিদ্যালয়সমুহৰ স্থাপন কৰা হৈছে ।
(গ) সমসাময়িকভাৱে, কর্মক্ষেত্রত জড়িত হৈ পৰা ল’ৰা-ছোৱালী সকলৰ শিক্ষাৰ বাবেও মুক্ত বিদ্যালয়ৰ স্থাপন হৈছে ।
(ঘ)ইয়াৰ ওপৰিও, অবিৰতভাৱে শিক্ষা লাভৰ দিশত আগ্রহী ল’ৰা-ছোৱালীবোৰক শিক্ষাৰ সুবিধা প্রদান কৰাৰ উদ্দেশ্য আগত ৰাখিও এই বিদ্যালয় সমূহ স্থাপন কৰা হৈছে ।

৬।মুক্ত বিশ্ববিদ্যালয় প্রথমতে ভাৰতৰ ক’ত আৰু কেতিয়া স্থাপন কৰা হয় ?
অথবাঃ ৰাজ্যিক পৰ্য্যায়ত মুক্ত বিশ্ববিদ্যালয় প্রথমতে ভাৰতৰ ক’ত আৰু কেতিয়া স্থাপন কৰা হয় ?
উত্তৰ : মুক্ত বিশ্ববিদ্যালয় প্রথমতে ভাৰতৰ অন্ধ্র প্রদেশৰ হায়দৰাবাদত ১৮৮২ চনত স্থাপন কৰা হয় আৰু নাম আছিল ‘অন্ধ্র প্রদেশ মুক্ত বিশ্ববিদ্যালয়’ । এই মুক্ত বিশ্ববিদ্যালয় খন ৰাজ্যিক পৰ্য্যায়ত স্থাপিত হৈছিল ।

৭।অসমত স্থাপন কৰা মুক্ত বিশ্ববিদ্যালয় খনৰ নাম কি ৰখা হৈছে ? এই বিদ্যালয়খন কিমান চনত স্থাপন কৰা হৈছিল ? ইয়াৰ মুখ্য কার্যালয় ক’ত ?
উত্তৰ : অসমত স্থাপন কৰা মুক্ত বিশ্ববিদ্যালয়খনৰ নাম হ’ল- কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ব বিদ্যালয় । এই বিশ্ববিদ্যালয়খন ২০০৭ চনত স্থাপন কৰা হৈছিল । এই বিশ্ববিদ্যালয়ৰ মুখ্য কার্যালয় গুৱাহাটীত আছে ।

৮।কিমান চনত কোনজন প্রধান মন্ত্রীৰ নেতৃত্বত প্রথমে ৰাষ্ট্রীয়/কেন্দ্রীয় পৰ্য্যায়ত মুক্ত বিশ্ববিদ্যালয় স্থাপন কৰা হৈছিল ? এই বিদ্যালয়খনৰ নাম কি? ইয়াৰ মূল কার্যালয় ক’ত ?
উত্তৰ : ১৯৮৫ চনত প্রধান মন্ত্রী ৰাজীৱ গান্ধীৰ নেতৃত্বত প্রথমে ৰাষ্ট্রীয় পৰ্য্যায়ত এখন মুক্তবিশ্ববিদ্যালয় স্থাপন কৰা হৈছিল । এই বিদ্যালয়খনৰ নাম হ’ল ইন্দিৰা গান্ধী রাষ্ট্রীয় মুক্ত বিশ্ববিদ্যালয় । এই বিদ্যালয়ৰ মূল/মুখ্য কার্যালয় দিল্লীত আছে ।

৯।অগতানুগতিক/অনানুষ্ঠানিক শিক্ষা বুলিলে কি বুজা ? এই শিক্ষাৰ বৈশিষ্ট্য সমূহ আলোচনা কৰা ।
অথবা
আনুষ্ঠানিক বা গতানুগতিক শিক্ষা আৰু অনানুষ্ঠানিক শিক্ষা বা অগতানুগতিক শিক্ষাক তুলনা কৰা ।
অথবাঃ
অগতানুগতিক/অনানুষ্ঠানিক শিক্ষাৰ লক্ষ্য বা উদ্দেশ্যসমূহ কি কি?
অথবাঃ
অগতানুগতিক/অনানুষ্ঠানিক শিক্ষাৰ শৈক্ষিক গুৰুত্বসমূহ আলোচনা কৰা ।

উত্তৰ : যি শিক্ষাব্যৱস্থাৰ মাধ্যমেৰে আনুষ্ঠানিক শিক্ষাৰ প্রতিবন্ধক আৰু ক্রটীসমূহ দুৰীকৰণৰ উদ্দেশ্যে সকলো ল’ৰা-ছোৱালী আৰু নাগৰিকৰ বাবে অনানুষ্ঠানিকভাৱ শিক্ষা প্রক্রিয়া তৈয়াৰ কৰা হৈছে, সেই শিক্ষাব্যৱস্থাক অগতানুগতিক বা অনানুষ্ঠানিক শিক্ষা বুলি কোৱা হয় ।

এই শিক্ষাৰ বিভিন্ন বৈশিষ্ট্যৰে পৰিপুষ্ট । এইবোৰৰ ভিতৰত উল্লেখযোগ্য বৈশিষ্ট্যসমূহ/ লক্ষ্য বা উদ্দেশ্যসমূহ/গুৰুত্বসমূহ হ’লঃ

(ক) জীৱনব্যাপি প্রক্রিয়া হিচাপে শিক্ষাঃ
অগতানুগতিক/অনানুষ্ঠানিক শিক্ষা সকলো লোকৰ বাবে গোটেই জীৱনকালটোৰ সময়সীমাত গ্রহণ কৰিব পৰা এক শিক্ষা ব্যৱস্থা । অর্থাৎ আনুষ্ঠানিক বা গতানুগতিক শিক্ষাতকৈ এই শিক্ষাৰ সময়সীমা অধিক ।

(খ)সকলোৰে বাবে শিক্ষাঃ
অগতানুগতিক/অনানুষ্ঠানিক শিক্ষাৰ মাধ্যমসমূহ সকলো লোকৰ বাবে সুৰক্ষিত আৰু সহজলভ্য শিক্ষা গ্রহণৰ এক প্রচেষ্টা । আনুষ্ঠানিক বা গতানুগতিক শিক্ষা ব্যৱস্থাৰ দরে ইয়াত বয়সৰ সময়সীমা নাই ।

(গ)নমনীয় শিক্ষা ব্যৱস্থাঃ
অগতানুগতিক/অনানুষ্ঠানিক শিক্ষা ব্যৱস্থাসমূহ অতি নমনীয় অর্থাৎ জটিলতাহীন । এই শিক্ষাত গতানুগতিক শিক্ষা ব্যৱস্থাৰ দৰে কোনো আৱশ্যকীয়/বাধ্যবাধকতা নীতি-নিয়ম নাই ।

(ঘ)চাহিদা ভিত্তিক শিক্ষাঃ
অগতানুগতিক শিক্ষা সকলো ব্যক্তি আৰু সমাজৰ বাবে এক লেখতলবলগীয়া চাহিদা ভিত্তিক শিক্ষাৰ মাধ্যম । এই শিক্ষা অতি কম খৰচতে/ব্যয়তে গ্রহণ/অর্জন করিব পারি ।
(ঙ)ব্যৱহাৰিক আৰু কাৰ্যকৰী শিক্ষা ব্যৱস্থাঃ
অগতানুগতিক শিক্ষা/অনানুষ্ঠানিক, অধিক ব্যৱহাৰিক আৰু কার্যকৰী শিক্ষা হিচাপে প্রতিষ্ঠিত হৈছে ।

(চ)মিতব্যয়ি শিক্ষা ব্যৱস্থাঃ
অগতানুগতিক/অনানুষ্ঠানিক শিক্ষা, গতানুগতিক শিক্ষাব্যৱস্থাতকৈ অধিক মিতব্যয়ি অর্থাৎ কম খৰচতে এই শিক্ষাসমূহ অর্জন কৰিব পাৰি ।

(ছ)এই শিক্ষা পৰীক্ষাকেন্দ্রিক কেন্দ্রিক নহয়ঃ
অগতানুগতিক/অনানুষ্ঠানিক শিক্ষা, গতানুগতিক শিক্ষাৰ দৰে পৰীক্ষাকেন্দ্রিক নহয় । এই শিক্ষাত জ্ঞান আহৰণ কৰাত অধিক গুৰুত্ব আৰোপ কৰে ।

(জ)স্বতঃস্ফূর্ত আৰু সুপৰিকল্পিতঃ
অগতানুগতিক/অনানুষ্ঠানিক শিক্ষা ব্যৱস্থা শিক্ষার্থীবৃন্দৰ বাবে গতানুগতিক শিক্ষাতকৈ অধিক স্বতঃস্ফূর্ত আৰু সুপৰিকল্পিতভাৱে স্থাপন কৰা হৈছে ।

(ঝ)কর্মদক্ষতা আৰু বৃত্তিমূলক শিক্ষাঃ
অগতানুগতিক/অনানুষ্ঠানিক শিক্ষা ব্যৱস্থা শিক্ষার্থীসকলক কর্মদক্ষতা গঢ়ি তুলা আৰু বৃত্তিমূলক শিক্ষাপ্রদানত অধিক ফলপ্রসূ আৰু সফল হৈছে ।

(ঞ)প্রাপ্তবয়স্কসকলৰ বাবেও শিক্ষাঃ
অগতানুগতিক/অনানুষ্ঠানিক শিক্ষাৰ মাধ্যমে গতানুগতিক শিক্ষাৰ মাধ্যমৰ সময়সীমা নেওচি প্রাপ্তবয়স্ক সকলৰ বাবে শিক্ষা গ্রহণৰ সুবিধা কৰি দিছে ।

(চ) শিক্ষাৰ সার্বজনীনকৰণত ভূমিকাঃ
অগতানুগতিক/অনানুষ্ঠানিক শিক্ষাৰ মাধ্যমেৰে অধিক ফলপ্রসূভাৱে শিক্ষাৰ সার্বজনীনকৰণত গুৰুত্ব লাভ কৰিছে ।

(ছ) শৈক্ষিক আৰু অর্থনৈতিক প্রয়োজন পূৰণঃ
অগতানুগতিক/অনানুষ্ঠানিক শিক্ষা ব্যৱস্থা শিক্ষার্থীসকলৰ বাবে গতানুগতিক শিক্ষাতকৈ অধিক শৈক্ষিক আৰু অর্থনৈতিক প্রয়োজনসমূহ পূৰণত সফল রূপায়ণ হৈছে ।

(জ)সমাজৰ নিষ্পেষিত লোকসকলৰ শিক্ষাঃ
অগতানুগতিক/অনানুষ্ঠানিক শিক্ষাৰ মাধ্যমেৰে গতানুগতিক শিক্ষাতকৈ অধিক সফলরূপায়ণৰে সমাজৰ নিষ্পেষিত লোকসকলৰ বাবে শিক্ষা লাভ কৰাত উদ্গনি লাভ কৰিছে ।

এইদৰে অনানুষ্ঠানিক বা অগতানুগতিক শিক্ষাই শিক্ষা জগতৰ এক আধুনিকতা আৰু নব্য উন্নতিৰ এক প্রদীপ জ্বলোৱাত সফল হৈছে ।

.১০।দূৰ শিক্ষা কি? এই শিক্ষাৰ তাৎপর্য্য ব্যাখ্যা কৰা ।
অথবা
দূৰ শিক্ষাৰ বৈশিষ্ট্য সমূহ আলোচনা কৰা ।
অথবাঃ
দূৰ শিক্ষা ৰেহরূপৰ ক্ষেত্রত কিগানে আগবঢ়োৱা ধাৰণা কেইটা ব্যাখ্যা কৰা ।
অথবাঃ
দূৰ শিক্ষাৰ প্রদানৰ কেইটামান উপায় লিখা ।
(জাননী ১- তলত দিয়া উত্তৰৰ আৰম্ভণি নিদ্দিষ্ট প্রশ্ন অনুসাৰে কৰিবা ।)
(জাননী ২- তলৰ সকলো পইন্ট লিখিবৰ বাবে পৰীক্ষাত সময় নহব, সেয়ে সময় আৰু নম্বৰৰ প্রতি লক্ষ্য ৰাখি লাগতিয়াল পইন্টবোৰহে লিখিবা (যেনেঃ কমেও ৬ টা ৬ নম্বৰৰ বাবে) ।

উত্তৰ : দূৰ শিক্ষা বা দূৰত্ব শিক্ষা ব্যৱস্থা হ’ল- আধুনিক শিক্ষাজগতৰ এক অভিনৱ সংযোজন, যি অনানুষ্ঠানিক শিক্ষা মাধ্যমেৰে সকলো নাগৰিক বা মানুহ বা শিক্ষার্থীৰ বাবে দৈনিক শিক্ষানুষ্ঠানত উপস্থিত নথকায়ৈ নিজ বাসগৃহতে থাকি বা ঘৰৰে পৰাই বিভিন্ন শিক্ষাগ্রহণৰ সুবিধা গ্রহণ কৰিব পাৰে ।

এই শিক্ষাৰ বিভিন্ন তাৎপর্য্য সমূহৰ ভিতৰত উল্লেখযোগ্য তাৎপর্য্যসমূহ হ’লঃ/
দূৰ শিক্ষাৰ প্রধান উল্লেখযোগ্য বৈশিষ্ট্য বৈশিষ্ট্যসমূহ হ’ল এলেধৰণৰ /
দূৰ শিক্ষা ৰেহরূপৰ ক্ষেত্রত কিগানে আগবঢ়োৱা ধাৰণা কেইটা হ’ল এনেধৰণৰ /
দূৰ শিক্ষাৰ প্রদানৰ কেইটামান উপায় হ’ল এনেধৰণৰ :

(ক)শিক্ষক আৰু শিক্ষাৰ্থীক পৃথকীকৰণঃ
দূৰ শিক্ষা ব্যৱস্থাত শিকাৰুসকল শিক্ষণ প্রক্রিয়াৰ সময়সীমাত শিক্ষকসকলৰ পৰা দেখাত স্থায়ীভাৱে পৃথক হৈ থাকে । ইজনে আনজনক লগ নাপায় । এইক্ষেত্রত এক দিশত শিক্ষকসকলক পোনপটীয়াকৈ লগ নাপায় । আন এক দিশত শিক্ষাৰ্থীসকলৰ ভয়ভাৱ দূৰীকৰণ, স্বাধীনতা, আত্মনিষ্ঠা আদিৰ দিশত সুবিধা হোৱা দেখা যায় ৷

(খ)শৈক্ষিক সংগঠনৰ ভূমিকাঃ
দূৰ শিক্ষা ব্যৱস্থা শৈক্ষিক সংগঠনসমূহক নির্ভৰ কৰি সম্প্রসাৰণ হৈছে । এই শিক্ষাত শৈক্ষিক সংগঠনসমূহে দূৰদর্শন, ইন্টাৰনেট আদিৰ সহায়ত শিক্ষার্থীসকলক শিক্ষাৰ গ্রহণত সহায় কৰে ।

(গ)কাৰিকৰী মাধ্যমৰ স্থানঃ
দূৰ শিক্ষাৰ ক্ষেত্রত নানান উন্নত প্রযুক্তিবিদ্যাৰ আৰু কাৰিকৰী আহিলা বিশেষকৈ ছপা সামগ্রী, দূৰ সংযোগ আহিলা, কম্পিউটাৰ, সম্প্রচাৰণ, শ্রৱণ-দৰ্শন আহিলা আদিৰ ব্যৱহাৰ কৰা হয় । এইবোৰৰ সহযোগত শিক্ষার্থীসকলৰ অধিক ফলপসূভাৱে আন্তঃব্যক্তিগত যোগাযোগ, মৌখিক দলগত ভিত্তিত শিক্ষা, প্রচলিত শিক্ষা, আদিৰ পৰিপেক্ষিতত সফল রূপায়ণ হৈছে ।
(ঘ) দ্বৈত পদ্ধতিৰ যোগাযোগ ব্যৱস্থাঃ
দূৰ শিক্ষাই শিক্ষার্থী আৰু শিক্ষকৰ কাৰণে যোগাযোগৰ এক দ্বৈত পথৰ ব্যৱস্থাৰ উদ্ভাৱণ কৰিছে । ইয়াৰ সহায়ত, ছাত্র-ছাত্রীসকলৰ আধুনিক জগতৰ এক উন্নত মানৰ শিক্ষাগ্রহণত সহায়ক হৈছে ।

(ঙ)শিকাৰুসকলক তেওঁলোকৰ দলৰ পৰা পৃথকীকৰণঃ
দূৰ শিক্ষা গ্রহণৰ পৰিপেক্ষিতত শিকাৰুসকল কোনো দলৰ সৈতে সংযোগ হ’ব নালাগে । সেয়েহে, সকলো লোকৰ বাবে কোনো সঙ্কা নোহোৱাকৈ বিশেষকৈ বয়সস্থ মানুহেও এই শিক্ষাৰ ক্ষেত্রত উপকৃত হৈছে ।

(চ)উদ্যোগকৰণঃ
দূৰ শিক্ষা ব্যৱস্থাটোক এখন ‘আধুনিক উদ্যোগীক সমাজ’ বুলি কোৱা হয় । এই শিক্ষাৰ মাধ্যমেৰে উদ্যোগিক ক্ষেত্রখনত উন্নতিৰ দিশত শিক্ষাক এখোজ আগুৱাই অনাত সফল হৈছে ।

এইদৰে, দূৰ শিক্ষা ব্যৱস্থাই তাৎপর্য্যপূৰ্ণভাৱে শিক্ষাজগতৰ এক নব্যদিশৰ সূচনা কৰিছে ।

১১।মুক্ত শিক্ষা কি? মুক্ত শিক্ষাৰ লক্ষ্য বা উদ্দেশ্য বোৰৰ বিষয়ে আলোচনা কৰা ।
উত্তৰ : মুক্ত শিক্ষা হ’ল আধুনিক শিক্ষা ব্যৱস্থাৰ এক নব্য সংযোজন যি শিক্ষাই আনুষ্ঠানিক শিক্ষাৰ নীতি আৰু সীমাবদ্ধতাসমূহ দূৰ কৰি সমাজৰ সকলো ব্যক্তিৰ বা নাগরিক বা শিক্ষার্থীৰ বাবে শিক্ষাৰ প্রয়োজনসমূহক পূৰণ কৰে আৰু শিক্ষা গ্রহণৰ সুবিধা প্রদান করে ।
মুক্ত শিক্ষাৰ বিভিন্ন লক্ষ্যবোৰৰ ভিতৰত উল্লেখযোগ্য লক্ষ্য/উদ্দেশ্যবোৰ হ’ল এনেধৰণৰ :
(ক) সকলো পর্যায়ৰৰ নাগৰিকৰ বাবে শিক্ষাঃ
মুক্ত শিক্ষাৰ প্রধান আৰু মূলতঃ লক্ষ্য বা উদ্দেশ্য হ’ল যাতে সকলো নাগৰিকে যাৱতীয়া শিক্ষা পাব/অর্জন করিব পাৰে ।
(খ) শিক্ষা আৰু ব্যক্তিৰ মাজত সমন্বয় সাধনঃ
মুক্ত শিক্ষাৰ আন এক উল্লেখনীয় লক্ষ্য/উদ্দেশ্য হ’ল শিক্ষাৰ দিশটোক সকলো ব্যক্তিৰ মাজত সংযোগ সাধন কৰি শিক্ষাক এক জীৱনজোৰা প্রক্রিয়া হিচাপে গঢ়ি তুলা ।
(গ)বঞ্চিতলোকসকলৰ বাবে শিক্ষাৰ সুযোগঃ
মুক্ত শিক্ষাৰ ব্যৱস্থাই বঞ্চিতলোকসকলৰ বাবে অবিৰতভাৱে শিক্ষা লাভৰ সুযোগ প্রদান কৰিছে ।
(ঘ)কৰ্মত নিয়োজিত ব্যক্তিসকলৰ বাবে শিক্ষাঃ
মুক্ত শিক্ষাৰ আন এক উদ্দেশ্য হ’ল যাতে যিকল লোকে কর্মত নিয়জিত হৈছে আৰু অর্ধশিক্ষা হৈ আছে, তেওঁলোকে এই শিক্ষাব্যৱস্থাৰ মাধ্যমেৰে শিক্ষা গ্রহণ কৰিব পাৰে ।
(ঙ) প্রথমিক শিক্ষা ব্যৱস্থাক সার্বজনীন কৰি তোলাঃ
মুক্ত শিক্ষাৰ এক লেখতলবলগীয়া লক্ষ্য/উদ্দেশ্য হ’ল- প্রাথমিক শিক্ষাক সার্বজনীন কৰি তুলাৰ উদ্দেশ্যে কর্মকর্তাসকলক লাগতিয়াল দক্ষতাৰ শিক্ষা প্রদান কৰা ।
(চ)বয়স্ক শিক্ষাৰ প্রসাৰতাঃ
মুক্ত শিক্ষাৰ আন এক পদক্ষেপ হ’ল বয়স্কসকলৰ শিক্ষা । বয়স্ক মানুহসকলেও যাতে তেওঁলোকৰ লাগতিয়াল শিক্ষা আহৰণ কৰিব পাৰে তাৰ সুযোগ এই শিক্ষাৰ জৰীয়তে প্রদান কৰিছে ।
(ছ) ৰাষ্ট্রৰ কল্যাণৰ হকে উৎপাদনমুখী শিক্ষা প্রদানঃ
মুক্ত শিক্ষাৰ জৰীয়তে যাতে সকলো ব্যক্তিয়ে উৎপাদনমূলক শিক্ষা আৰু প্রশিক্ষণ পাব পাৰে আৰু লগতে ৰাষ্ট্রৰ কল্যাণ হব পাৰে তাৰ ব্যৱস্থা গ্রহণ কৰিছে ।
(জ)শিক্ষাৰ সামগ্রিক মানদণ্ড উন্নত করাঃ
মুক্ত শিক্ষাৰ আন এক লক্ষ্য বা উদ্দেশ্য হ’ল শিক্ষাৰ সামগ্রিক দিশৰ উন্নতিৰ বাবে বিভিন্ন পদক্ষেপ গ্রহণ কৰা ।
(ঝ) শিক্ষাক বাস্তৱমুখী কৰি তুলাঃ
মুক্ত শিক্ষাই শিক্ষাক জাতীয় জীৱনৰ সাফল্যতাৰ অর্থে শিক্ষাক বাস্তৱমুখী কৰি তুলাৰ লক্ষ্য বা উদ্দেশ্যৰে আগবাঢ়িছে ৷
(ঞ)মাধ্যমিক আৰু উচ্চ শিক্ষাক অধিক ফলপ্রসূ কৰি তুলাঃ
মুক্ত শিক্ষাই সমাজৰ চাহিদাৰ প্রতি লক্ষ্য বা উদ্দেশ্য আগত ৰাখি মাধ্যমিক আৰু উচ্চ শিক্ষাক আগুৱাই লৈ গৈছে ।
(ট)ঘৰত থাকিয়ে উচ্চ শিক্ষা গ্রহণ কৰিব পৰা সুবিধা প্রদানঃ
মুক্ত শিক্ষাব্যৱস্থাই নিজ বাসগৃহত থাকিয়েই উচ্চশিক্ষা লাভ কৰিব পৰা লক্ষ্য বা উদ্দেশ্যৰে শিক্ষাৰ দিশত সুযোগ প্রদান কৰিছে ।
(ঠ) ব্যক্তিত্ব বিকাশ আৰু ব্যক্তিগত দক্ষতা লাভৰ সুযোগঃ
মুক্ত শিক্ষাৰ আন এক উন্নতমানৰ লক্ষ্য বা উদ্দেশ্য হ’ল দূৰ শিক্ষাৰ জৰীয়তে ব্যক্তিত্ব বিকাশ আৰু ব্যক্তিগত দক্ষতা অর্জন কৰাৰ সুযোগ প্রদান কৰা ।
এইদৰে, দূৰ শিক্ষাই বিভিন্ন গুৰুত্বপূর্ণ লক্ষ্য আৰু উদ্দেশ্যসমূহ আগত ৰাখি শিক্ষাব্যৱস্থাক এক আধুনিক রূপত পৰিদর্শন কৰিছে আৰু শিক্ষাজগতক এখোজ আগুৱাই নিছে ।
১২। মুক্ত বিদ্যালয় আৰু মুক্ত বিশ্ববিদ্যালয়ৰ বিষয়ে আলোচনা কৰা ।
উত্তৰ :
মুক্ত বিদ্যালয়ঃ
সমাজৰ সকলো নাগৰিক আৰু ল’ৰা-ছোৱালীৰ সমভাৱে শিক্ষা অর্জনৰ অর্থে ১৯৮৩ চনত দিল্লীত প্রথম মুক্ত বিদ্যালয় প্রতিষ্ঠা কৰা হৈছিল । কিছুমান গ্রন্থত ১৯৭৯ চনত প্রতিষ্ঠাৰ কথা ব্যক্ত কৰিছে ।মুক্ত বিদ্যালয় ব্যৱস্থাটো ১৯৮৯ চনত স্বায়ত্ব শাসন লাভ কৰিছিল । পূর্বে মুক্ত বিদ্যালয় সমূহ কেন্দ্রীয় বিদ্যালয় সংগঠনৰ সৈতে সংযুক্ত হৈ আছিল আৰু শিক্ষাৰ দিশত এক নব্যসংযোজন করিছিল ।
মুক্ত বিদ্যালয়ৰ উল্লেখযোগ্য কিছুমান বৈশিষ্ট্র্য/লক্ষ্য/উদ্দেশ্য/গুৰুত্বপূর্ণ সমূহ হ’লঃ
(ক)মুক্ত বিদ্যালয়বোৰত নাম ভর্তিৰ বাবে মুকলিভাৱে সুযোগ প্রদান কৰিছে ।
(খ)এই ক্ষেত্রত কোনোধৰণৰ বাধ্য-বাধ্যকতাৰ ব্যৱস্থা নাই ।
(গ)কোনো শিক্ষার্থীৰ বাবে বয়সৰ সীমাবদ্ধতা নাই ।
(ঘ)এই বিদ্যালয়ৰ শিক্ষাৰ পাঠ্যক্রমবোৰ নমনীয় প্রকাৰৰ ।
(ঙ)শিক্ষণীয় বিষয়বোৰ নির্বাচন কৰাৰ দিশত শিক্ষার্থীৰ সম্পূর্ণ অধিকাৰ অৰ্পণ কৰিছে।
(চ)মুক্ত বিদ্যালয়ৰ পৰীক্ষা বছৰত দুবাৰকৈ অনুষ্ঠিত কৰা হয় । প্রথমে মার্চ বা এপ্রিলত আৰু দ্বিতীয়বাৰ ছেপ্তেম্বৰ বা অক্টোবৰ মাহত অনুষ্ঠিত কৰা হয় ।
(ছ) পৰীক্ষা আৰু মূল্যায়ণৰ দিশতো শিকাৰুসকলক স্বাধীনতা প্রদান কৰিছে। ।
(জ) পৰীক্ষাত উত্তীর্ণ হোৱাৰ পাছত এই মুক্ত বিদ্যালয় বোৰৰ পৰা প্রমাণ প্রত্র প্রদান কৰা হয় যাৰ সহায়ত নব-প্রজন্মই/শিক্ষার্থীসকলে যিকোনো চাকৰিত যোগদান কৰিব পাৰে ।
(ঝ) শিক্ষা গ্রহণ প্রক্রিয়াত আনুষ্ঠানিক নিয়মসমূহৰ ব্যৱস্থা নাই ।
(ঞ) ৰেডিঅ’, দূৰদর্শন, ইন্টাৰনেট, টেপ ৰেকর্ডাৰ, ভিডিঅ’ কেছেট আদিৰ সহায়ত শিক্ষাগ্রহণৰ সুবিধা আছে ।
(ট)এই শিক্ষাৰ সহযোগত আনুষ্ঠানিক শিক্ষাৰ ক্রটীসমূহ দূৰীকৰণত সফল হৈছে ।
মুক্ত বিশ্ববিদ্যালয়ঃ
মুক্ত বিশ্ববিদ্যালয় ইংলেণ্ডত প্রথমে আৰম্ভনি কৰা হৈছিল । মুক্ত বিশ্ববিদ্যালয়ৰ প্রচেষ্টা ১৯৬০ চনত কৰা হৈছিল যদিও জনমতৰ অভাৱৰ বাবে স্থাপিত হোৱা নাছিল । প্রধান মন্ত্রী হেৰল্ড উইলছনৰ কার্যকালত ১৯৬৯ চনত ইংলেণ্ডত প্রথম মুক্ত বিশ্ববিদ্যালয় আৰম্ভনি হৈছিল । প্রথম বছৰত প্রথম মুক্ত বিশ্ববিদ্যালয় খনত ২৫,০০০ গৰাকী ছাত্র-ছাত্রীয়ে শিক্ষাগ্রহণ কৰিছিল । বিশ্ববিদ্যালয়খনৰ প্রথম আচর্য আছিল লর্ড ক্রাউথাৰ আৰু প্রথমজন উপাচার্য আছিল ছাৰ ওৱালটাৰ পেৰী । এই প্রথম মুক্ত বিশ্ববিদ্যালয়খনৰ প্রধান কার্যালয় আছিল ‘মিলটন কিনছ’ত । লগতে, বিভিন্নঠাইত অধ্যয়ণ কেন্দ্রবোৰ স্থাপন হৈছিল ।
ভাৰতবর্ষত ১৮৮২ চনত প্রথম মুক্ত বিশ্ববিদ্যালয় স্থাপন হৈছিল অন্ধ্র প্রদেশৰ হায়দৰাবাদত আৰু নাম আছিল ‘অন্ধ্র প্রদেশ মুক্ত বিশ্ববিদ্যালয়’ । এই বিদ্যালয়খন ৰাজ্যিক পৰ্য্যায়ত স্থাপন হৈছিল । ১৯৮৫ চনত প্রধান মন্ত্রী ৰাজীৱ গান্ধীৰ নেতৃত্বত প্রথম কেন্দ্রীয় পৰ্য্যায়ত মুক্ত বিশ্ববিদ্যালয়ৰ স্থাপন হৈছিল । এই বিদ্যালয়খনৰ নাম আছিল ইন্দিৰা গান্ধী ৰাষ্ট্রীয় মুক্ত বিশ্ববিদ্যালয় আৰু লোকসভাত আইন প্রণয়ন কৰি ইয়াৰ মুখ্য কাৰ্য্যালয় দিল্লীত স্থাপন কৰা হৈছিল । বর্তমান, এই মুক্ত বিশ্ববিদ্যালয়ৰ অধীনত প্রতিখন ৰাজ্যত বহুতো অধ্যয়ন কেন্দ্র আছে ।

এই মুক্ত বিশ্ববিদ্যালয়খনৰ জৰীয়তে বহুতো শিক্ষার্থীয়ে ডিগ্রী, ডিপ্লোমা, চাৰ্টিফিকেট, আদি অর্জন কৰাত সুযোগ প্রদান কৰিছে । ইয়ায়িক ৰ সমসামভাৱে, সকলোৰে বাবে উচ্চ শিক্ষা অর্জনৰ ক্ষেত্রত সুবিধা কৰি দিছে ।
মুক্ত বিশ্ববিদ্যালয়ৰ উল্লেখযোগ্য কিছুমান বৈশিষ্ট্র্য/লক্ষ্য/উদ্দেশ্য/গুৰুত্বপূর্ণ সমূহ হ’লঃ
(উত্তৰৰ বাবে উপৰত দিয়া মুক্ত বিদ্যালয়ৰ দরে একে হব কেবল ‘মুক্ত বিদ্যালয়ৰ’ সলনি ‘মুক্ত বিশ্ব বিদ্যালয়’ লিখিবা ।)


Leave a Comment