পৰিস্থিতি তন্ত্ৰ বুলিলে কি বুজা?

 যি বিশেষ পৰিস্থিতিত কোনো বসতি স্থানৰ জীৱগোষ্ঠাবোৰ এটাই আনটোৰ লগত আৰু সেই বসতি অঞ্চলৰ অজৈৱ পৰিবেশৰ লগত প্রতিক্রিয়া কৰি এটা সুস্থিৰ তন্ত্ৰ গঠন কৰে, সেই ক্ৰিয়া পদ্ধতিক পৰিস্থিতি তন্ত্ৰ বোলে। 

পৰিস্থিতি তন্ত্ৰ

ওভামৰ মতে, “পৰিস্থিতি তন্ত্ৰ বাস্তৱ বিদ্যাৰ মূল একক য’ত জৈৱিক কাৰক(জীৱসমূহ) আৰু;অজৈৱিক কাৰক (উষ্ণতা, পোহৰ আদি) সমূহে এটাই আনটোৰ ওপৰত প্রভাৱ বিস্তাৰ কৰে।”

মাথাতনৰ মতে,“এটা পৰিবেশত থকা সকলোবোৰ জীৱিত প্রাণী, পাৰিপাৰ্শ্বিকতা আৰু সিহঁতৰ মাজত চলি থকা ক্ৰিয়া-প্ৰতিক্ৰিয়া সমূহ লৈ পৰিস্থিতি তন্ত্ৰ গঠিত হয়।”

গতিকে বিভিন্ন বিজ্ঞানীয়ে আগবঢ়োৱা সংজ্ঞাসমূহৰ পৰা পৰিস্থিতি তন্ত্ৰৰ সংজ্ঞা এনেদৰে দিব পাৰি – যি বিশেষ পৰিস্থিতিত কোনো বসতি স্থানৰ জীৱগোষ্ঠাবোৰ এটাই আনটোৰ লগত আৰু সেই বসতি অঞ্চলৰ অজৈৱ পৰিবেশৰ লগত প্রতিক্রিয়া কৰি এটা সুস্থিৰ তন্ত্ৰ গঠন কৰে, সেই ক্ৰিয়া পদ্ধতিক পৰিস্থিতি তন্ত্ৰ বোলে। অৰ্থাৎ এখন আবাসভূমিত জীৱিত জীৱৰ সমষ্টি আৰু ভৌতিক কাৰকবোৰে একেলগে পৰস্পৰে পৰস্পৰৰ লগত ক্ৰিয়া কৰি পৰিস্থিতি তন্ত্ৰ সৃষ্টি কৰে।


পৰিস্থিতি তন্ত্ৰ উপাদান বিলাক কি কি?

পৰিস্থিতি তন্ত্ৰ উপাদান বিলাক কি কি?

পৰিস্থিতিতন্ত্ৰৰ প্রধান উপাদান দুটা হৈছে : জৈৱিক আৰু অজৈৱিক উপাদান ৷ ইয়াৰ জৈৱিক আৰু অজৈৱিক উপাদানবোৰ তলত দৰে বাখ্যা কৰিব পাৰি। 

জৈৱিক উপাদানঃ 

পৰিস্থিতি তন্ত্ৰত থকা জীৱিত উপাদানবোৰক জৈৱিক উপাদান বোলা হয়। জৈৱিক উপাদনক দুটা ভাগত ভগাব পাৰি। 

অজৈৱিক উপাদান : 

পৰিস্থিতি তন্ত্ৰত থকা জীৱহীন উপাদানবোৰক অজৈৱিক উপাদান বোলা হয়। প্রধান অজৈৱিক উপাদানবোৰ হৈছে –

  • পৃথিৱীৰ বুকুত (Sithosphere) থকা গোটা খনিজাত দ্ৰব্যসমূহ ৷
  • মহাসাগৰ, সাগৰ, হদ, নদী, বৰফৰ টুকুৰা আদিত থকা ! পানী (হাইড’স্পিয়েৰ) 
  • বায়ুমণ্ডলত (atmosphere) থকা বিভিন্ন গেছৰ মিশ্ৰণ ৷
  • সূৰ্য্যৰ বিকিৰণ ৷

1 thought on “পৰিস্থিতি তন্ত্ৰ বুলিলে কি বুজা?”

Comments are closed.