খাদ্য শৃংখল কাক বোলে?

খাদ্য শৃংখল কাক বোলে?

উত্তৰঃ পৰিৱেশত থকা প্ৰতিটো প্রাণীয়ে খাদ্যৰ বাবে ইটোয়ে সিটোৰ ওপৰত নিৰ্ভৰ কৰি জীয়াই আছে। প্রথম শ্রেণী উপভোক্তাৰ ওপৰত দ্বিতীয় শ্রেণী উপভোক্তাই, দ্বিতীয় শ্রেণী উপভোক্তাৰ ওপৰত তৃতীয় শ্রেণী উপভোক্তাই, তৃতীয় শ্রেণী উপভোক্তাৰ ওপৰত চতুৰ্থ শ্ৰেণী উপভোক্তাই খাদ্য হিচাপে নিৰ্ভৰ কৰি এক শৃংখলৰ সৃষ্টি কৰে । ইয়াকে খাদ্য শৃংখল (Food Chain) বোলে।

উদাহৰণস্বৰূপে, গছ-বন যিয়ে সালোক সংশ্লেষণৰ জৰিয়তে নিজৰ খাদ্য উৎপন্ন কৰে, গছ-বননিক ফৰিঙে খায়, ফৰিঙক সাপে খাই, সাপক ঈগলে খাই, ঈগলক মানুহে খাই আদি এনেধৰণে খাদ্য শৃংখল অটুত ৰাখে ।

Leave a Comment