সম্পদ পৰিৱৰ্তনশীল ব্যাখ্যা কৰা ।

সম্পদ পৰিৱৰ্তনশীল

সম্পদ পৰিৱৰ্তনশীল । কোনো এটা সামগ্ৰী মানুহৰ দ্বাৰা ৱ্যৱহাৰ নহলেও ‘মানুহৰ বাবে অপকাৰী হলেও ভৱিষ্যতে সেই একেটা সামগ্ৰীয়েই মানৱ কল্যাণত ৱ্যৱহাৰ হ’ব পাৰে এনে সামগ্ৰী সমূহৰ যিবোৰে মানুহৰ কোনো ধৰণে উপকাৰ বা অপকাৰ সাধন নকৰে সেই বোৰক নিৰপেক্ষ বা নিষ্ক্ৰয় সামগ্ৰী বোলা হয়। আনহাতে, যিবোৰ সামগ্ৰী বা পৰিঘটনাই মানুহৰ অপকাৰ সাধন কৰে, সেইবোৰক প্ৰতিৰোধক বোলা হয়। মানুহৰ জ্ঞানৰ প্ৰসাৰ আৰু বিজ্ঞান প্ৰযুক্তিৰ উন্নয়নৰ ফলত পৃথিৱীত থকা এনে বহু নিৰপেক্ষ সামগ্ৰী আৰু প্ৰতিৰোধক মানুহৰ সু- প্ৰচেষ্টাত সম্পদ লৈ ৰূপান্তৰিত হৈছে।সামাজিক পৰিৱৰ্তন ঘটাৰ লগে লগে সম্পদৰ ধাৰণা আৰু ইয়াৰ আহৰণ আৰু ব্যৱহাৰৰো পৰিৱৰ্তন ঘটে। সেইকাৰণে সম্পদক পৰিৱৰ্তনশীল বুলি কোৱা হয়।

সম্পদ পৰিবৰ্তিত হোৱাৰ কাৰন সমূহ:

  • প্ৰযুক্তিৰ বিকাশৰ
  • বৰ্ধিত মানুহৰ বৰ্ধিত চাহিদা
  • আধুনিকতাৰ প্ৰভাৱ
  • মানুহৰ ৰুচিবোধৰ পৰিবৰ্তন
  • যাতায়ত যোগাযোগ ব্যৱস্থাৰ উন্নতি।

সম্পদৰ প্ৰয়োজনীয়তা সম্পৰ্কে উদাহৰণ সহ আলোচনা কৰা।

মানুহৰ জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় সকলোবোৰ বস্তুকেই সম্পদ বোলা হয়। যেনে- বায়ু, পানী, মাটি, গছ-গছনি আদি।
সম্পদৰ বাবেহে মানৱ সমাজৰ বিভিন্ন দিশত উন্নয়ন সম্ভৱ হৈছে।সম্পদ অকল ব্যক্তিগত কল্যাণৰ বাবেই নহয়, জনসাধাৰণৰ কল্যাণৰ বাবেও লাগতিয়াল।
এই সম্পদসমূহৰ প্ৰাচুৰ্যৰ বাবেই মানুহৰ মৌলিক প্ৰয়োজন- খাদ্য, বস্ৰ, বাসস্থান আৰু অন্যান্য চাহিদা পূৰণৰ লগতে জীৱন ধাৰণৰ মানৰ উন্নয়ন সম্ভৱ হৈছে।
মানুহৰ প্ৰয়োজনীয় বহুসম্পদ যদিও প্ৰকৃতিয়ে যোগান ধৰে, ইয়াৰ বেছিভাগৰে ব্যৱহাৰিক দিশটো মানুহে প্ৰয়োজন অনুসৰি দি লয় । তদুপৰি প্ৰকৃতিত থকা সামগ্ৰিবোৰৰ কাৰ্যকাৰীতা আৰু উপকাৰীতা সম্পৰ্কে গুণবোৰ মানুহৰ জ্ঞানৰ জৰিয়তেহে উদ্ঘাটন কৰা হয়।

সম্পদ আৰু মানুহৰ মাজত থকা সম্পৰ্কৰ বিষয়ে চমুকৈ লিখা।

মানুহ আৰু সম্পদৰ মাজত এটা গভীৰ সম্পৰ্ক আছে। সম্পদৰ লগত মানুহ ওতঃপ্ৰোতভাৱে জড়িত। সম্পদৰ অবিহনে মানুহৰ বিকাশ অসম্ভৱ।

মানুহৰ সম্পদৰ লগত দুই ধৰনে জড়িত:

  • সম্পদৰ উৎপাদক হিচাবে আৰু
  • সম্পদৰ উপভোক্তা হিচাপে।

প্ৰকৃতিৰ পৰা আহৰণ কৰা বহু সামগ্রীয়েই প্ৰয়োজন সাপেক্ষে বিভিন্ন প্ৰযুক্তিৰ জড়িয়তে ৰূপান্তৰ কৰি মানুহৰ ব্যৱহাৰৰ উপযোগী কৰি তুলে। যেনে: বাঁহৰ পৰা কাগজ , কঁপাহৰ পৰা কাপোৰ আদি প্ৰকৃতিক সমূহক ব্যৱহাৰৰ উপযোগী কৰিবলৈ মানুহক কাৰ্যদক্ষতা, শিক্ষা, প্ৰযুক্তি আৰু আগ্ৰহৰ প্ৰয়োজন হয়। এনেবোৰ গুণ থকা বাবে মানুহকো সম্পদৰ অন্তৰ্ভুক্ত কৰি মানৱ সম্পদ আখ্যা দিয়া হৈছে।

নৱীকৰণ আৰু অনবিকৰণযোগ্য সম্পদৰ মাজত পাৰ্থক্য কি কি ? উদাহৰণসহ চমুকৈ লিখা।


নৱীকৰণযোগ্য সম্পদ : পৃথিৱীৰ যিবোৰ সম্পদ এবাৰ ব্যৱহাৰ কৰাৰ পিছত নৱীকৰণ প্ৰক্ৰিয়াৰে পুনঃ ব্যৱহাৰৰ উপযোগী কৰি তুলিব পাৰি তেনেবোৰ সম্পদক নৱীকৰণযোগ্য সম্পদ বোলা হয়। উদাহৰণস্বৰূপে, পানী, গছ-গছনি, মাটি ইত্যাদি।

অনবিকৰণযোগ্য সম্পদ: যিবোৰ সম্পদ এবাৰ ব্যৱহাৰ কৰাৰ পাছত আকৌ ব্যৱহাৰ কৰিব নোৱাৰে তেনে সম্পদক অনবিকৰণযোগ্য সম্পদ বোলে।
উদাহৰণ স্বৰূপে: কয়লা, খনিজ তেল ইত্যাদি।

সম্পদ আৰু বিজ্ঞান প্ৰযুক্তিৰ মাজত থকা সম্পৰ্ক চমুকৈ আলোচনা কৰা।

সম্পদ আৰু বিজ্ঞানৰ মাজত এটা গভীৰ সম্পৰ্ক আছে। উল্লেখযোগ্য যে, প্ৰকৃতি, মানুহ আৰু সমাজ-সংস্কৃতি তথা বিজ্ঞান প্ৰযুক্তিৰ আন্তঃক্ৰিয়াৰ ফলতেই একো একোটা সম্পদৰ সৃষ্টি হয়। এই বিজ্ঞান আৰু প্ৰযুক্তিৰ ফলতেই পৃথিৱীত পোৱা বহু সম্পদ মানুহে প্ৰয়োজন অনুসৰি নিজৰ ব্যৱহাৰৰ উপযোগী কৰি লয়। প্ৰাকৃতিকভাৱে পোৱা বহু সম্পদৰ উপৰিও আন বহুবোৰ সম্পদ যেনে- প্ৰযুক্তি, ঘৰ-দুৱাৰ, উদ্যোগ-কাৰখানা আদি বিজ্ঞান প্ৰযুক্তিৰ ফলতেই সম্ভৱ হৈছে।

সম্পদৰ পৰিৱৰ্তনশীল বৈশিষ্ট্য আৰু বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ফলত আজি উপকাৰী বুলি গণ্য হোৱা এটা সামগ্ৰী বা পৰিঘটনা সময়ৰ গতিত অপকাৰী বা নিষ্ক্ৰিয় সমগ্ৰীলৈ ৰূপান্তৰিত হ’ব পাৰে।

  • মানুহৰ জ্ঞানৰ প্ৰসাৰ আৰু বিজ্ঞান আৰু প্ৰযুক্তিৰ উন্নয়নৰ ফলতেই পৃথিৱীত পোৱা বহু নিৰপেক্ষ সামগ্ৰী আৰু প্ৰতিৰোধৰ মানুহৰ সু- প্ৰচেষ্টাত সম্পদলৈ ৰূপান্তৰিত হৈছে।
  • মানুহে বিজ্ঞান আৰু প্ৰযুক্তিৰ সহায় লৈ নতুন নতুন সম্পদৰ উদঘাটন কৰিব পাৰিছে ।
  • এই বিজ্ঞান আৰু প্ৰযুক্তিৰ ফলতেই মানুহে প্ৰয়োজন অনুসৰি সম্পদবোৰ পৃথিৱীৰ বুকুৰ পৰা আহৰণ কৰিব পাৰিছে|

মানুহৰ অৰ্থনৈতিক বৃত্তি বুলিলে কি বুজা ? এনে অৰ্থনৈতিক বৃত্তিবোৰ কি কি?


যি বৃত্তি বা উৎপাদনক্ষম কাৰ্য কৰি জীৱন নিৰ্বাহ বা জীৱন ধাৰণ কৰে তাকে অৰ্থনৈতিক বৃত্তি বোলে।

এনে অৰ্থনৈতিক বৃত্তিবোৰ চাৰি প্ৰকাৰৰ :

  • প্ৰাথমিক বৃত্তি (Primary Occupation) : যি কাৰ্যৰ দ্বাৰা মানুহে প্ৰকৃতিৰপৰা সম্পদ আহৰণ কৰে তাকে প্ৰাথমিক বৃত্তি বোলে। যেনে — কৃষি কাৰ্য, মাছ ধৰা কাৰ্য, বনজ সম্পদ আহৰণ, খনিজ সম্পদ আহৰণ ইত্যাদি।
  • দ্বিতীয়ক বৃত্তি (Secondary Occupation) : যি কাৰ্যৰ দ্বাৰা মানুহে প্ৰকৃতিৰ পৰা আহৰণ কৰা বিভিন্ন দ্ৰব্য নানান প্ৰযুক্তিৰ জৰিয়তে মানুহৰ ব্যৱহাৰোপযোগী কৰি তোলা হয় তাকে দ্বিতীয়ক বৃত্তি বোলে। যেনে — শিল্পোৎপাদন প্ৰক্ৰিয়া, বিভিন্ন নিৰ্মাণ তথা পুনৰ নিৰ্মাণ কাৰ্য ইত্যাদি।
  • তৃতীয়ক বৃত্তি (Tertiary Occupation) : যি কাৰ্যৰ দ্বাৰা প্ৰাথমিক আৰু দ্বিতীয়ক বৃত্তিৰ যোগেদি উৎপাদিত সামগ্ৰীসমূহ উপভোক্তাৰ ওচৰ পায় তাকে তৃতীয়ক বৃত্তি বোলে। যেনে — যাতায়ত, পৰিবহণ, বজাৰ, পাইকাৰী বা খুচুৰা বিক্ৰী, পৰ্যটন, যোগাযোগ আদিৰ লগত জড়িত অৰ্থনৈতিক কাৰ্যসমূহ।
  • চতুৰ্থক বৃত্তি (Quaternary Occupation) : যি কাৰ্যৰ দ্বাৰা দ্বিতীয়ক আৰু তৃতীয়ক বৃত্তিসমূহ অধিক সূচল তথা ফলপ্ৰসূ কৰি তোলাত সহায় কৰে তাকে চতুৰ্থক বৃত্তি বোলে। যেনে — বেংক বা অন্য বিত্তীয় প্ৰতিষ্ঠান, প্ৰচাৰ মাধ্যম, প্ৰশাসন, শিক্ষা গৱেষণা আদিৰ লগত জড়িত কাৰ্যসমূহ।

অৰ্থনৈতিক ভূগোলৰ প্ৰধান শাখাসমূহৰ বিষয়বস্তু সম্পৰ্কে চমুকৈ লিখা।

অৰ্থনৈতিক ভূগোলৰ প্ৰধান শাখাসমূহৰ বিষয়বস্তু সম্পৰ্কে চমুকৈ লিখা হ’ল —

  • কৃষি ভূগোল : অৰ্থনৈতিক ভূগোলৰ এটি অন্যতম প্ৰধান শাখা। ইয়াত কৃষি কাৰ্যৰ লগত জড়িত কাৰকসমূহ, কৃষিৰ প্ৰকাৰ,কৃষি কাৰ্যৰ বিতৰণ আৰু পদ্ধতি, শস্যৰ উৎপাদন আৰু ইয়াৰ লগত জড়িত সুত্ৰ,কৃষি সামগ্ৰীৰ বজাৰ তথা আমদানি-ৰপ্তানি ইত্যাদি অধ্যয়ন কৰা হয়।
  • ঔদ্যোগিক ভূগোল : ইয়াত উদ্যোগ স্থাপনৰ লগত জড়িত অৰ্থনৈতিক তথা অন্যান্য কাৰকসমূহ, উদ্যোগৰ প্ৰকাৰ আৰু ভৌগিলিক বিতৰণ, ঔদ্যোগিক সামগ্ৰীৰ উৎপাদন, উদ্যোগ অৱস্থানৰ লগত জড়িত সূত্ৰ, ঔদ্যোগিক সামগ্ৰীৰ বজাৰ তথা আমদানি-ৰপ্তানি ইত্যাদি।অধ্যয়ন কৰা হয়।
  • সম্পদ ভূগোল : ইয়াত সম্পদৰ প্ৰকাৰ, আঞ্চলিক বিতৰণ, সম্পদ উদ্ঘাটন তথা উৎপাদনৰ লগত জড়িত কাৰকসমূহ, সম্পদ আৰু উন্নয়নৰ সম্পৰ্ক, সম্পদৰ সংৰক্ষণ আৰু ব্যৱস্থাপনা আদি অধ্যয়ণ কৰা হয়।
  • পৰিবহণ ভূগোল : ইয়াত পৰিবহণ ব্যৱস্থাৰ প্ৰকাৰ আৰু ইয়াৰ লগত জড়িত কাৰকসমূহ, সম্পদ বিতৰণত পৰিবহণৰ ভূমিকা, মানুহৰ যাতায়ত তথা অৰ্থনৈতিক কাৰ্যকলাপত পৰিবহণৰ ভূমিকা, অৰ্থনৈতিক উন্নয়ন যেনে — ঔদ্যোগিক উন্নয়ন, কৃষি ক্ষেত্ৰৰ উন্নয়নত পৰিবহণ ব্যৱস্থাৰ উন্নয়নৰ ভূমিকা ইত্যাদি অধ্যয়ন কৰা হয়।
  • বজাৰ ভূগোল : ইয়াত বজাৰ স্থাপনৰ প্ৰয়োজনীয়তা আৰু ইয়াৰ কাৰকসমূহ, বজাৰৰ প্ৰকাৰ আৰু বিতৰণ আৰু ইয়াৰ লগত জড়িত সূত্ৰসমূহ অধ্যয়ণ কৰা হয়।
  • পৰিকল্পনা আৰু উন্নয়ন ভূগোল : ইয়াত অৰ্থনৈতিক উন্নয়ণৰ লগত জড়িত কাৰকসমূহ, পৰিকল্পনা ব্যৱস্থা, বহনক্ষম উন্নয়ন, অঞ্চল তথা উপাদান ভিত্তিক উন্নয়ন প্ৰক্ৰিয়া আদি অধ্যয়ন কৰা হয়।
  • পৰ্যটন ভূগোল : ইয়াত পৰ্যটন আৰু বিকাশৰ লগত জড়িত কাৰকসমূহ, পৰ্যটনৰ প্ৰকাৰ, পৰ্যটন ব্যৱস্থাৰ উন্নয়ন প্ৰক্ৰিয়া আৰু পৰিকল্পনা আদি অধ্যয়ন কৰা হয়।

সম্পদ ভূগোলক কিয় অৰ্থনৈতিক ভূগোলৰ এটি গুৰুত্বপূৰ্ণ শাখা বোলা হয়?

সম্পদ মানুহৰ জীৱন ধাৰণৰ বাবে অতি প্ৰয়োজনীয়। এই সম্পদসমূহৰ প্ৰাচুৰ্যৰ বাবেই মানুহৰ মৌলিক প্ৰয়োজন — খাদ্য, আশ্ৰয় আৰু বস্ত্ৰকে ধৰি অন্যান্য বহু চাহিদা পূৰণৰ লগতে জীৱন ধাৰণৰ মানদণ্ডৰ উন্নয়ন সম্ভৱ হৈছে। কাৰ্যকাৰিতা আৰু উপকাৰিতা এই দুটা গুণৰ বাবেই সম্পদ ব্যৱহাৰৰ যোগেদি মানৱ কল্যাণ আৰু আৰ্থ – সামাজিক উৎকৰ্ষ সাধন সম্ভৱ হৈছে। সেই বাবেই সম্পদ ভূগোলক অৰ্থনৈতিক ভূগোলৰ এটি গুৰুত্বপূৰ্ণ শাখা বোলা হয়।


0 thoughts on “সম্পদ পৰিৱৰ্তনশীল ব্যাখ্যা কৰা ।”

Leave a Comment