Assam Jatiya Vidyalaya Class 6 Social Science | CHAPTER 1

Assam Jatiya Vidyalaya Class 6 Social Science

Chapter 1

১. প্ৰাগ্‌জ্যোতিষ ৰাজ্যৰ ৰাজধানীখনৰ নাম কি ? 

উত্তৰঃ প্ৰাগজ্যোতিষপুৰ

২. ৰামায়ণত কোনে প্ৰাগজ্যোতিষ ৰাজ্য প্রতিষ্ঠা কৰা বুলি লিখা আছে?

উত্তৰঃ বিশ্বমিত্র মুণিৰ অজোককাক কুশ ৰজাৰ পুত্ৰ অমৃতৰাজে প্ৰাগজ্যোতিষ ৰাজ্য প্রতিষ্ঠা কৰা বুলি ৰামায়ণত উল্লেখ আছে।

৩. কৰতোৱা নদীখন বর্তমান কোন দেশৰ অন্তৰ্গত ?

উত্তৰঃ বাংলাদেশৰ অন্তৰ্গত।

৪. কামাখ্যা দেৱীৰ মন্দিৰ কামৰূপ ৰাজ্যৰ সোমাজত অৱস্থিত বুলি কোনখন গ্ৰন্থত উল্লেখ আছে ?

উত্তৰঃ কালিকা পুৰাণত। 

৫. ৰতিদেৱী কোন ?

উত্তৰঃ ৰতিদেৱী কামদেৱৰ ঘৈণীয়েক।

৬. প্ৰাগ্‌জ্যোতিষপুৰ শব্দৰ অৰ্থ কি ? 

উত্তৰঃ প্ৰাগ্‌জ্যোতিষপুৰ শব্দৰ অৰ্থ হ’ল— ‘প্ৰাগ’ শব্দৰ অৰ্থ হ’ল ‘পূৱ’ জ্যোতিষ মানে হ’ল গ্রহ নক্ষত্ৰৰ অৱস্থান সম্পৰ্কে কৰা অধ্যয়ন আৰু পুৰ মানে নগৰ।

৭. ‘অসম’ নামৰ উৎপত্তিৰ সম্পৰ্কে থকা দুটি মত আগবঢ়োৱা ? 

উত্তৰঃ

  • ১২২৮ খ্ৰীষ্টাব্দত: কামৰূপ ৰাজ্যলৈ টাই জাতিৰ এদল লোকৰ আগমন ঘটিল। এই ৰাজ্যৰ শাসনভাৰ তেওঁলোকৰ হাতলৈ গ’ল। তেওঁলোকক আহোম, অহম আদি নামেৰে কোৱা হৈছিল। তেওঁলোকৰ নাম অনুসৰিয়েই এই ৰাজ্যখনৰ নাম অসম হ’ল।
  • কিছুমান পণ্ডিতৰ মতে কামৰূপ ৰাজ্য পর্বত পাহাৰেৰে ভৰা অসমান ৰাজ্য। সেই কাৰণে এই ৰাজ্যৰ নাম হ’ল অসম। 

৮. প্রাচীন কামৰূপ ৰাজ্যক কেইভাগত ভাগ কৰা হৈছে ? ভাগ কেইটা কি কি? ক’ৰ পৰা ক’লৈকে, ভাগ কেইটা বিভক্ত ?

উত্তৰঃ যেগিনী তন্ত্র মতে পুৰণি কামৰূপ ৰাজ্য চাৰি ভাগত বিভক্ত আছিল। যেনে – ৰত্নপীঠ, কামপীঠ, স্বর্ণপীঠ আৰু সৌমাৰপীঠ। 

  • কৰতোৱা নদীৰ পৰা সোণকোষ নদীলৈকে ৰত্নপীঠ।
  • সোণকোষৰ পৰা ৰূপহী নদীলৈকে কামপীঠ।
  • ৰূপহী নদীৰ পৰা ভৰলী নদীলৈকে স্বর্ণপীঠ।আৰু 
  • ভৰলী নদীৰ পৰা দিকৰাই বা দিক্ৰং নদীলৈকে সৌমাৰ পীঠ। 

৯. প্ৰাগজ্যোতিষত ৰাজত্ব কৰা বিখ্যাত ৰজাজনৰ নাম কি আছিল ?

উত্তৰঃ মহীৰঙ্গ দানৱ। 

১০. মঙ্গোলীয় গোষ্ঠীৰ বড়োসকলক সেই সময়ত কি বুলি কোৱা হৈছিল ? 

উত্তৰঃ মঙ্গোলীয় গোষ্ঠীর বড়োসকলক সেই সময়ত কিৰাত বা ম্লেছ বুলি কৈছিল।

১১. নৰকাসুৰে যুদ্ধত কাক পৰাস্ত কৰি ৰজা হৈছিল ? 

উত্তৰঃ নৰকাসুৰে ঘটকাসুৰক যুদ্ধত পৰাস্ত কৰি ৰজা হৈছিল। 

১২. দানব বংশৰ প্ৰথম ৰজাজনৰ নাম কি ?

উত্তৰঃ মহীৰঙ্গ দানব।

১৩. নৰকে প্রতিষ্ঠা কৰা বংশটোৰ নাম কি ? 

উত্তৰঃ নৰকে প্রতিষ্ঠা কৰা বংশটোৰ নাম আছিল ভৌম বংশ।

১৪. প্রাগ্‌জ্যোতিৰ ৰাজ্যত কোন গোষ্ঠীৰ বড়ো লোকসকলক ‘কিৰাত’ বুলি কোৱা হৈছিল।

উত্তৰঃ প্ৰাগ্‌জ্যোতিষ ৰাজ্যত মঙ্গোলীয় গোষ্ঠীৰ বড়োসকলক ‘কিৰাত’ বুলি কোৱা হৈছিল। 

১৫. ভগদত্তই কুৰুক্ষেত্ৰ যুদ্ধত কাৰ পক্ষ লৈ যুদ্ধ কৰিছিল ?

উত্তৰঃ ভগদত্তই কুৰুক্ষেত্র যুদ্ধত কৌৰৱৰ পক্ষে যুদ্ধ কৰিছিল।

১৬.যুধিষ্ঠিৰৰ ‘অশ্বমেধ যজ্ঞ’ৰ ঘোঁৰা বন্দী কৰি থোৱা কামৰূপৰ ৰজাজনৰ নাম কি ?

উত্তৰঃ যুধিষ্ঠিৰৰ ‘অশ্বমেধ যজ্ঞ’ৰ ঘোঁৰা বন্দী কৰি থোৱা কামৰূপৰ ৰজাজনৰ নাম বজ্রদত্ত আছিল। 

১৭. নৰকাসুৰৰ ৰাজ্যৰ সীমা ক’ৰপৰা ক’লৈকে বিয়পি আছিল ?

উত্তৰঃ নৰকাসুৰৰ ৰাজ্যৰ সীমা পশ্চিমে কৰতোৱা নদীৰ পৰা পুৱে দিক্কৰ বাসিনী পর্যন্ত বিয়পি আছিল।

১৮. দিক্কৰ বাসিনী মানে কি ?

উত্তৰঃ দিক্কৰ ৰাসিনী মানে শদিয়াৰ তাম্ৰেশ্বৰী মন্দিৰ বা কেঁচাই খাতী মন্দিৰ।

১৯. কামাখ্যা দেৱীৰ মন্দিৰ আৰু মন্দিবলৈ উঠা আলিবাটটো কোনে নির্মাণ কৰিছিল ?

উত্তৰঃ কামাখ্যা দেৱীৰ মন্দিৰ আৰু মন্দিৰলৈ উঠা আলিবাটটো নৰকাসুৰে নিৰ্মাণ কৰিছিল। 

২০. ভগদত্তৰ জীয়ৰী ভানুমতীক কোনে বিয়া কৰাইছিল ?

উত্তৰঃ ভগদত্তৰ জীয়াৰী ভানুমতীক মহাভাৰতৰ কৌৰৱৰ পুত্ৰ দুর্যোধনে সয়ম্বৰ সভাত বিয়া কৰাইছিল। 

২১. নৰকাসুৰৰ স্মৃতি বহণ কৰা পাহাৰখনৰ নাম কি ?

উত্তৰঃ নৰকাসুৰৰ স্মৃতি বহণ কৰা পাহাৰখনৰ নাম নৰকাসুৰ পাহাৰ।

২২. অসুৰ উপাধিধাৰী দানৱ বংশীয় তিনিজন ৰজাৰ নাম লিখা ?

উত্তৰঃ অসুৰ উপাধিধাৰী দানৱ বংশীয় তিনিজন ৰজাৰ নাম হ’ল— হটকাসুৰ, সম্বাৰাসুৰ আৰু ৰত্নাসুৰ।

২৩. চমুটোকা লিখা : 

(ক) মহীৰঙ্গ দানৱ।

(খ) নৰকাসুৰ

(গ) ভগদত্ত।

(ঘ) বজ্ৰদত্ত। 

উত্তৰঃ 

(ক) মহীৰঙ্গ দানৱ :- প্ৰাগজ্যোতিষ ৰাজ্যত ৰাজত্ব কৰা ৰজাসকলৰ ভিতৰত মহীৰঙ্গ দানৱ প্ৰৱল প্ৰতাপী ৰজা আছিল। মহীৰঙ্গ, দানৱ বংশৰ প্ৰথম ৰজা আছিল। গুৱাহাটীৰ দক্ষিণ দিশত সাত মাইল দূৰত গুৱাহাটী ছিলং পথৰ দাঁতিত ‘ময়ৰঙ্গ’ পৰ্বত নামৰ এখন পাহাৰ আছে। এই পাহাৰখন মহীৰঙ্গ দানৱৰ নাম অনুসৰি হোৱা বুলি পণ্ডিতসকলে অনুমান কৰে।

(খ) নৰকাসুৰ :- নকৰাসুৰ বৰ গুৱল প্রতাপী ৰজা আছিল। নৰকাসুৰৰ বংশটোৰ নাম আছিল ভৌম বংশ। বহুতো পণ্ডিতে ক’ব খোজে নীলাচল পাহাৰত থকা কামাখ্যা দেৱীৰ মন্দিৰ আৰু মন্দিৰলৈ উঠা আলি বাটটো নৰকাসুৰেই নিৰ্মাণ কৰিছিল। ৰাজত্বৰ শেষৰ ফালে নৰকাসুৰ অহংকাৰী আৰু বিধর্মী হৈ পৰে শেষত দ্বাৰকাৰ শ্রীকৃষ্ণই নৰকাসুৰক বধ কৰে।

(গ) ভগদত্ত :- ভগদত্ত এজন প্ৰৱল প্ৰতাপী ৰজা আছিল। ভগদত্তৰ জীয়াৰী ভানুমতীক কৌৰৱৰ পুত্ৰ দুর্যোধনে সয়ম্বর সভাত বিয়া কৰাইছিল। গুৱাহাটীৰ দীঘলী পুখুৰীটো ভানুমতীর সয়ম্বৰ উপলক্ষে খন্দোৱা হৈছিল। কুৰুক্ষেত্ৰ যুদ্ধত ভগদত্তই বিৰাট সৈন্য বাহিনী লৈ কৌৰৱৰ পক্ষে যুদ্ধ কৰিছিল। এই যুদ্ধৰ সময়ত বার্ধক্য স্বত্ত্বেও কেইবাদিনো প্ৰৱল প্ৰতাপেৰে যুদ্ধ কৰি অৱশেষত অর্জুনৰ হাতত নিহত হয়।

(ঘ) বজ্রদত্ত :- ভগদত্তৰ মৃত্যুৰ পিছত বজ্ৰদত্ত প্রাগজ্যোতিষ বা কামৰূপৰ বজা হয়। এওঁ এজন প্ৰৱল প্ৰতাপী ৰজা আছিল। কুৰুক্ষেত্র যুদ্ধৰ অন্তত যুধিষ্ঠিৰক সম্রাট বুলি ঘোষণা কৰাৰ উদ্দেশ্যে পতা আশ্বমেধ যজ্ঞৰ ঘোঁৰা বজ্রদত্তই বন্দী কৰি থৈছিল। তেওঁ নিজৰ বীৰত্ব প্ৰকাশ কৰিছিল।

২৪. ৰুক্মিণী হৰণ নাটকৰ ৰচক কোন ? 

উত্তৰঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ‘কক্মিণী হৰণ’ নাটক ৰচনা কৰিছিল।

২৫. শিশুপাল ক’ৰ ৰজা ? 

উত্তৰঃ ছেদী ৰাজ্যৰ ৰজা।

২৬. বৰ্তমানৰ শদিয়া অঞ্চলত থকা প্ৰাচীন ৰাজ্যখনৰ নাম কি ?

উত্তৰঃ কুণ্ডিল্য বা বিদৰ্ভ ৰাজ্য। 

২৭. ভীষ্মকৰ ৰাজ্যখনৰ নাম কি ?

উত্তৰঃ বিদর্ভ ৰাজ্য।

২৮. ৰুক্মিনীয়ে শ্রীকৃষ্ণলৈ বাৰ্তা প্ৰেৰণ কৰা ৰাজপুৰোহিত গৰাকীৰ নাম কি ? 

উত্তৰঃ বেদনিধি।

২৯. ‘কুমাৰ হৰণ’ নামৰ কাৰ্য পুথিখনৰ ৰচক কোন ?

উত্তৰঃ কবি চন্দ্ৰ ভাৰতী।

৩০. কুমাৰ হৰণ’ নামৰ কাব্য পুথিখনৰ ৰচক কোন ?

উত্তৰঃ কবি চন্দ্ৰ ভাৰতী।

৩১. ঊষা অনিৰুদ্ধৰ বিবাহক লৈ পীতাম্বৰ দ্বিজে ৰচনা কৰা কাবা পুথিখনৰ নাম কি ?

উত্তৰঃ ঊষা পৰিণয়।

৩২. বাণ ৰজাৰ উপাস্যদেৱতা কোন আছিল ?

উত্তৰঃ শিৱ বা মহাদেৱ

৩৩. চিত্রলেখা কোন ?

উত্তৰঃ চিত্ৰলেখা ঊষাৰ সখিয়েক আছিল।

৩৪. বাণ ৰজা আৰু শ্ৰীকৃষ্ণৰ মাজত সংঘটিত যুদ্ধখনক কিয় ‘হৰিহৰৰ যুদ্ধ’ বুলি কোৱা হয় ?

উত্তৰঃ বাণ ৰজা আৰু শ্ৰীকৃষ্ণৰ মাজত সংঘটিত যুদ্ধত মহাদেৱেও বাণৰ ফালে যুদ্ধ কৰিছিল। সেয়ে এই যুদ্ধক হৰি-হৰৰ যুদ্ধ বুলি কোৱা হয়।

চমুটোকা লিখাঃ  

(ক) বাণ ৰজা।

(খ) ভীষ্মক ৰজা।

(গ) হৰিহৰৰ যুদ্ধ।

(ঘ) ৰুক্মিণী।

(ঙ) ঊষা।

উত্তৰঃ (ক) বাণ ৰজা :- শোণিতপুৰ ৰাজ্যত বাণ ৰজাই ৰাজত্ব কৰিছিল। বাণ দৈত্যৰাজ বলিৰ পুত্ৰ আছিল। এওঁ বৰ পৰাক্ৰমী বীৰ আছিল। বাণ ৰজা শিৱভক্ত আছিল। বর্তমান তেজপুৰ নগৰত থকা ‘মহাভৈৰৱ:’ শিৱ মন্দিৰ এৱেই নির্মাণ কৰিছিল। বাণ ৰজাৰ ঊষা নামৰ এজনী ছোৱালী আছিল। ঊষাক, ঊষা নামৰ নামেৰে এখন নগৰ সাজি চাৰিওফালে অগ্নিৰে বেৰি তাৰ ভিতৰত থাকিবলৈ দিছিল। কিন্তু ঊষাই সখিয়েক চিত্ৰলেখাৰ সহায়ত শ্ৰীকৃষ্ণৰ নাতিনীয়েক অনিৰুদ্ধ কোঁৱৰক ‘গন্ধৰ্ব বিবাহ কৰে। বাণ ৰজাই অনিৰুদ্ধক বন্দী কৰি থৈছিল। তেতিয়া শ্ৰীকৃষ্ণই সৈন্য সমান্ত লৈ আহি বাণ ৰজাৰ লগত যুদ্ধ কৰে। যুদ্ধত বাণৰজা পৰাস্ত হয়। এই যুদ্ধত মহাদেৱেও বাণৰজাৰ ফালে যুদ্ধ কৰিছিল। এই যুদ্ধক সেয়েহে হৰিহৰৰ যুদ্ধ বুলি কোৱা হয়।

(খ) ভীষ্মক ৰজা :- প্রাগজ্যোতিষ ৰাজ্যৰ পূৱ দিশত কুণ্ডিল্য নামে এখন ৰাজ্য আছিল। এইৰাজ্যতে ভীষ্মক নামেৰে প্ৰৱল প্রতাপী ৰজা এজনে বাজত্ব কৰিছিল। ভীষ্মক ৰাজাৰ ৰাজ্যখনক বিদর্ভ নামেৰেও জনা গৈছিল। ভীষ্মক ৰজাৰ ৰুক্মিনী নামৰ এগৰাকী দীপলিপ জীয়ৰী আছিল। এই কক্মিণীৰ দ্বাৰকাৰ ৰজা শ্ৰীকৃষ্ণই হৰণ কৰি নি বিবাহ কৰিছিল।

(গ) হৰিহৰৰ যুদ্ধ :- অগ্নিগড়ৰ ভিতৰত বাণৰ জীয়ৰী ঊষা আৰু কৃষ্ণৰ নাতিয়েক অনিৰুদ্ধৰ গন্ধৰ্ব বিবাহ হৈছিল। সেয়ে বাণ ৰজাই অনিৰুদ্ধক বন্দী কৰি থ’লে। এই কথা গম পাই শ্ৰীকৃষ্ণই নাতিয়েকক উদ্ধাৰ কৰিবলৈ বাণৰাজ্যলৈ আহিল। বা সৈন্যক শিৱই সহায় কৰিছিল। শ্রীকৃষ্ণ আৰু শিৱৰ যুদ্ধ হ’ল। যুঁজত বাণ ৰজাৰ সৈন্য হাৰিল। এই যুদ্ধকে হৰিহৰৰ যুদ্ধ বোলে।

(ঘ) ৰুক্মিণী :- ৰুক্মিণী ভীষ্মক ৰজাৰ জীয়ৰী আছিল। ৰুক্মিণীক দ্বাৰকাৰ ৰজা শ্রীকৃষ্ণই হৰণ কৰি বিবাহ কৰিছিল। কিন্তু ককায়েক ৰুক্ম বীৰে ছেদী ৰাজ্যৰ ৰজা শিশুপালৰ লগত ৰুক্মিনীক বিবাহ দিবলৈ ভাবিছিল। কিন্তু ৰুক্মিনীয়ে ৰাজপুৰোহিত বেদনিধিৰ হতুৱাই শ্ৰীকৃষ্ণলৈ গোপন বৰ্তা প্ৰেৰণ কৰে। শ্রীকৃষ্ণই সয়ম্বৰ সভাৰ পৰাই ৰুক্মিনীক হৰণ কৰি নিয়ে।

(ঙ) ঊষা :- ঊষা-বাণ ৰজাৰ জীয়েক আছিল। উষা ডাঙৰ হোৱাত বাণে ব্রহ্মপুত্র নদীৰ পাৰত ঊষা নগৰ নামেৰে এখন নগৰ সাজি চাৰিওফালে অগ্নি গড়েৰে বেৰি তাৰ ভিতৰত ঊষাক থাকিবলৈ দিছিল। কিন্তু এনেকৈ ৰখা স্বত্বেও ঊষাই সখীয়েক চিত্ৰলেখাৰ সহায়ত শ্ৰীকৃষ্ণৰ নাতিনীয়েক অনিৰুদ্ধ কোৱৰক গন্ধব বিবাহ কৰে। এই খবৰ পাই বাণে অনিৰুদ্ধক বন্দী কৰি থ’লে। শ্ৰীকৃষ্ণই গম পাই নাতিনীয়েকক উদ্ধাৰ কৰিবলৈ স-সৈন্যে বাণ ৰজাৰ ৰাজ্যত উপস্থিত হয়। শ্ৰীকৃষ্ণৰ লগত বাণৰ যুদ্ধ হয়। এই যুদ্ধত মহাদেৱেও বাণৰ ফালে যুদ্ধ কৰে। যুদ্ধত বাণ পৰাস্ত হয়। শেষত বাণে অনিৰুদ্ধক মুকলি কৰি দিয়ে। শ্ৰীকৃষ্ণই উষা অনিৰুদ্ধক দ্বাৰকালৈ নি বিয়া পাতি দিয়ে।

চমু প্রশ্নোত্তৰ

১৷ প্ৰাগজ্যোতিষপুৰ মানে কি ? 

উত্তৰঃ প্ৰাগ্‌জ্যোতিষপুৰ মানে পূব দিশৰ জ্যোতিষ চৰ্চাৰ নগৰ।

২৷ নবগ্রহ মন্দিৰ কোন পাহাৰত অৱস্থিত ? 

উত্তৰঃ গুৱাহাটীৰ পুরফালে থকা চিত্রাচল পাহাৰৰ ওপৰত স্থিত।

৩৷ অসমৰ পুৰণি নাম কি আছিল ?

উত্তৰঃ অসমৰ পুৰণি নাম আছিল কামৰূপ ৷

৪৷ যজ্ঞ থলিত সতীয়ে কিয় প্রাণত্যাগ কৰিলে ?

উত্তৰঃ যজ্ঞ থলিত সতীৰ পিতাক দক্ষ ৰজাই শিৱক বেয়া গালিবে অপমান কৰিছিল। স্বামীক কৰা এনে অপমান সহিব নোৱাৰি সতীয়ে প্ৰাণত্যাগ কৰিলে।

৫৷ কামাখ্যা মন্দিৰ ক’ত আৰু কিয় স্থাপন হ’ল ?

উত্তৰঃ কামাখ্যা মন্দিৰ গুৱাহাটীৰ নীলাচল পাহাৰত অৱস্থিত।এই স্থানত সতীৰ অংগ পৰিছিল বাবে তাতেই এই মন্দিৰ স্থাপন হ’ল।

৬৷ দেৱতাসকলে শিৱৰ তপস্যা কিয় ভঙ্গ কৰিবলৈ বিচাৰিছিল ? 

উত্তৰঃ সেই সময়ত তাৰক নামৰ এজন অতি অত্যাচাৰী অসুৰ আছিল। দেৱতাসকলে জানিব পাৰিছিল যে কেৱল শিৱইহে তাৰকসুৰক বধ কৰিব পাৰিব। সেয়ে তপস্যাত মগ্ন শিৱৰ তপস্যা ভঙ্গ কৰিবলৈ কামদেৱক দায়িত্ব দিছিল।

৭৷ বৰ্মণ বংশৰ প্ৰতিষ্ঠাপক কোন ? 

উত্তৰঃ পুষ্য বর্মণ।

৮৷ বৰ্মণ বংশৰ সৰ্বশ্ৰেষ্ঠ ৰজাজনৰ নাম কি ? 

উত্তৰঃ ভাস্কৰ বৰ্মণ।

৯৷ হংসৱেগ কোন ? 

উত্তৰঃ হংসৱেগ ভাস্কৰ বৰ্মনৰ কটকী আছিল।

১০৷ হর্ষবৰ্দ্ধনে ৰাজত্ব কৰা ৰাজ্যখনৰ নাম কি ?

উত্তৰঃ থানেশ্বৰ।

১১৷ শশাংক কোন ৰাজ্যৰ ৰজা আছিল ?

উত্তৰঃ গৌড় ৰাজ্যৰ।

১২৷ ভাস্কৰাব্দ মানে কি ?

উত্তৰঃ ভাস্কৰাব্দ এটা নতুন চন। ইয়াক কামৰূপী চন বুলিও জনা যায়।

১৩৷ হিউৱেন চাঙে লিখা ভ্রমণ কাহিনীখনৰ নাম কি ?

উত্তৰঃ চি-উ-কি।

১৪৷ শালস্তম্ভ বংশৰ প্ৰতিষ্ঠাপক কোন ?

উত্তৰঃ শালস্তম্ভ বংশৰ প্ৰতিষ্ঠাপক অৱস্তিকুমাৰ বা শালস্তম্ভ। 

১৫৷ ৰাজ্যমতীক কালৈ বিয়া দিয়া হৈছিল ?

উত্তৰঃ ৰাজ্যমতীক নেপালৰ ৰজা জয়দেৱে বিয়া কৰাইছিল। 

১৬৷ পাল বংশৰ প্ৰতিষ্ঠাতা কোন ?

উত্তৰঃ ব্ৰহ্মপাল।

১৭৷ কোনজন ৰজাৰ ৰাজত্বকালৰ পৰা কামৰূপ ৰাজ্য কামৰূপ কমতা নামেৰে পৰিচিত হয় ? 

উত্তৰঃ সন্ধ্যা ৰজাৰ ৰাজত্বকালৰ পৰা কামৰূপ ৰাজ্য কামৰূপ কমতা নামেৰে পৰিচিত হয়।

১৮৷ নেপালত থকা পশুপতি মন্দিৰ কোনে নিৰ্মাণ কৰিছিল ?

উত্তৰঃ মহাৰাণী ৰাজ্যমতীয়ে নেপালত বিখ্যাত পশুপতি মন্দিৰ নিৰ্মাণ কৰিছিল।

১৯৷ ‘দুৰ্জ্জয়’ নগৰলৈ কোনজন ৰজাই ৰাজধানী স্থানান্তৰিত কৰিছিল ? 

উত্তৰঃ শাল বংশৰ ৰজা ৰত্নপালে হৰুপেশ্বৰৰ পৰা ৰাজধানী দুৰ্জ্জয় নগৰলৈ স্থানান্তৰিত কৰিছিল।

২০৷ আহোম ৰাজ্যৰ প্ৰতিষ্ঠাতা কোন ?

উত্তৰঃ চুকাফা।

২১৷ টাই জনগোষ্ঠীয়ে কিমান খ্রীষ্টাব্দত অসমত প্ৰৱেশ কৰিছিল ? 

উত্তৰঃ ১২২৮ খ্রীষ্টাব্দত টাই জনগোষ্ঠীয়ে অসমত প্ৰৱেশ কৰি আহোম ৰাজ্য প্ৰতিষ্ঠা কৰে।

চমুটোকা লিখা। 

(ক) ৰাজ্যমতী।

(খ) অমৃতপ্রভা।

(গ) শ্রীহর্ষ।

(ঘ) পুষ্য বর্মণ।

(ঙ) হিউৱেন চাং।  

(চ) ভাস্কৰ বৰ্মণ।

উত্তৰঃ (ক) ৰাজ্যমতী :- ৰাজ্যমতী হৰ্ষবৰ্মাৰ জীয়েক আছিল। ৰাজ্যমতীক নেপালৰ ৰজা জয়দেৱে বিয়া কৰাইছিল। মহাৰাণী ৰাজ্যমতীয়ে নেপালত বিখ্যাত পশুপতি মন্দিৰ নিৰ্মাণ কৰাইছিল।

(খ) অমৃতপ্রভা :- অমৃত প্ৰভা কামৰূপৰ ৰজা বলবৰ্মণৰ জীয়েক আছিল। কাশ্মীৰৰ ৰজা মেঘবাহনে অমৃত প্রভাক সয়ম্বৰ সভাত বিয়া কৰাইছিল। অমৃত প্রভাই কাশ্মীৰত ‘অমৃত ভৱন’ নামৰ বিদেশী ভিক্ষুকসকলৰ বাবে এটা বৌদ্ধ বিহাৰ নিৰ্মাণ কৰাইছিল। অমৃতপ্ৰভাই কামৰূপৰ পৰা স্তনপা নামৰ এজন বৌদ্ধ ধর্মগুক কাশ্মীবলৈ লগত লৈ গৈছিল। কাশ্মীৰত তেওঁ লো স্তুপা নামৰ এটা স্তুপ নিৰ্মাণ কৰাইছিল।

(গ) শ্রীহর্ষ :- শ্রীহর্ষ শালস্তম্ভ বংশৰ শ্ৰেষ্ঠ বজা আছিল। তেওঁক শ্রীহর্ষ বা শ্রীহৰ্ষ বৰ্মা বুলি জনা গৈছিল। তেওঁৰ জীয়েক ৰাজ্যমতীক নেপালৰ ৰজা জয়দেরে বিয়া কৰাইছিল । শ্রীহৰ্ষৰ মৃত্যুৰ পিছত তেওঁ স্থাপন কৰা বিশাল সাম্ৰাজ্যত ভাঙোন আৰম্ভ হয় আৰু কামৰূপৰ গৌৰৱ ভালেখিনি হ্রাস হয়।

(ঘ) পুষ্য বর্মণ :- পুষ্য বর্মণ, বৰ্মণ বংশৰ আদি ৰজা আছিল। পুব্য বর্মণ গুপ্ত সম্রাট সমুদ্রগুপ্তৰ সমসাময়িক আছিল। এলাহাবাদ প্রশস্তিত পুষ্য বর্মণ আৰু তেওঁৰ ৰাজ্যৰ বিষয়ে বহুলভাৱে উল্লেখ আছে। কামৰূপৰ ৰজা পুষ্যবৰ্মণে সম্ভৱতঃ গুপ্ত সম্ৰাটৰ বশ্যতা স্বীকাৰ কৰিছিল।

(ঙ) হিউবেন চাং :- হিউৱেন চাং চীনা পরিব্রাজক আছিল। এওঁ বিহাৰৰ নালন্দা বিশ্ববিদ্যালয়ত থকা সময়ত ভাস্কৰ বৰ্মণৰ আমন্ত্ৰণ ক্ৰমে কামৰূপলৈ আহিছিল। হিউনে চাঙে এমাহৰ অধিক্ কাল কামৰূপত আছিল। হিউৱেন চাঙৰ ভাৰত ভ্ৰমণ সম্পর্কে লিখা চি-উ-কি নামৰ গ্ৰন্থত কামৰূপ ৰাজ্যৰ বিৱৰণো বহলভাৱে লিখা আছে।

(চ) ভাস্কৰ বৰ্মণ :- ভাস্কৰ বৰ্মণ এজন ধাৰ্মিক, বিদ্বান আৰু অতি সাহসী ৰজা আছিল। তেওঁৰ দিনতেই চীনা পরিব্রাজক হিউয়েন চাং কামৰূপলৈ আহিছিল। হিউবেন চাঙে ভাৰত ভ্ৰমণৰ কাহিনী ‘চি-উ-কি’ নামৰ গ্ৰন্থত লিখি থৈ গৈছে। তাত কামৰূপ ৰাজ্যৰ বিবৰণীও আছে। ভাস্কৰ বৰ্মাই ডুবি আৰু নিধানপুৰ তামৰ ফলি খোদিত কৰাইছিল।

১৷ এলাহাবাদ শিলালিপিৰ গুৰুত্ব কি ? 

উত্তৰঃ এলাহাবাদ শিলালিপিত কামৰূপ ৰাজ্যৰ নাম ঐতিহাসিকভাবে উল্লেখ আছে। এলাহাবাদ শিলালিপিত অসমত ডবাক নামৰ এখন ৰাজ্য থকাৰ কথাও উল্লেখ আছে।

২৷ মুছলমানৰ প্ৰথম আক্ৰমণৰ এটি ফলাফল লিখা ? 

উত্তৰঃ মুছলমান সকলে প্রথম অসম আক্ৰমণ কৰিছিল ১২০৭ খ্রীষ্টাব্দ। তেতিয়া আক্ৰমণকাৰী আছিল মহম্মদ ইবণ বতিয়াৰ খিল্‌ঞ্জি। পৃথু ৰজাই বখতিয়াৰ খিলিজিৰ সৈতে হোৱা যুদ্ধত বন্দী হোৱা মুছলমান সেনাসকলক কামৰূপ ৰাজ্যত নিগাজীকৈ থাকিব দিছিল। ইয়েই আছিল অসমলৈ মুছলমান সকলৰ প্ৰথম আগমন।

৩৷ ভাস্কৰ ধৰ্মণৰ ৰাজত্বকালৰ বিষয়ে জানিবলৈ সহায় লোৱা চাৰিটা সমলৰ নাম লিখা।

উত্তৰঃ (ক) নিধানপুৰ তামৰ ফলি।

(খ) ডুবিৰ তামৰ ফলি।

(গ) পণ্ডিত বাণ ভট্টৰ ৰচিত হৰ্ষচৰিত আৰু হিউবেন চাঙৰ চি-উ-কি।

(ঘ) নালন্দাত পোৱা মাটিৰ মোহৰ।

৪৷ কামৰূপ ৰাজ্যৰ চাৰিখন ৰাজধানী চহৰৰ নাম লিখা।

উত্তৰঃ (ক) প্রাগজ্যোতিষপুৰ।

(খ) কমতাপুৰ।

(গ) দুর্জয়।

(ঘ) কামৰূপ নগৰ। 

৫৷ কানাই বৰশীবোৱা শিলালিপিত কি লিখা আছে ? 

উত্তৰঃ কানাই বৰশী বোৱা শিলালিপিৰ পৰা অনুমান কৰিব পাৰি যে প্রাচীন কামৰূপ ৰাজ্যৰ ৰাজধানী আছিল কামৰূপ নগৰ। 

৬৷ ক-অংশৰ লগত খ-অংশ মিলোৱা।

ক-অংশখ-অংশ
এলাহাবাদ প্রশস্তিশালস্তম্ভ বংশৰ শেষ ৰজা।
ডাবাকপাল বংশৰ এজন ৰজা।
কৰ্ণ সুৱর্ণকামৰূপৰ ৰজা ভাস্কৰ বৰ্মণে খোদিত কৰিছিল।
ৰত্ন পালগৌড়ৰ ৰাজধানী।
ত্যাগ সিংহকপিলী উপত্যকাত অৱস্থিত এখন ৰাজ্য।
নিধানপুৰ তামৰ ফলিগুপ্ত সম্রাট সমুদ্রগুপ্তই খোদিত কৰিছিল।

উত্তৰঃ (ক) এলাহাবাদ প্রশস্তি গুপ্ত সম্রাট সমুদ্রগুপ্তই খোদিত কৰিছিল। 

(খ) ডবাক কপিলী উপত্যকাত অৱস্থিত এখন ৰাজ্য। 

(গ) কৰ্ণ সুৱৰ্ণ গৌড়ৰ ৰাজধানী।

(ঘ) ৰত্নপাল পাল বংশৰ এজন ৰজা 

(ঙ) ত্যাগ সিংহ শালস্তম্ভ বংশৰ শেষ ৰজা।

(চ) নিধানপুৰ তামৰ ফলি কামৰূপৰ ৰজা ভাস্কৰ বৰ্মণে খোদিত কৰিছিল। 

৭৷ ৰাজতৰংগিনী’ গ্রন্থ কোনে ৰচনা কৰিছিল ?

উত্তৰঃ কলহনে ৰচনা কৰিছিল।

৮৷ অমৃত প্রভাই স্তন পা নামৰ এজন বৌদ্ধ গুৰুক কাশ্মীৰলৈ নিছিল আৰু তাত স্তুপ নিৰ্মাণ কৰাইছিল। এই ঘটনাই কি বুজায় ?

উত্তৰঃ এই ঘটনাই প্রাচীন কালত কামৰূপত বৌদ্ধধৰ্মৰ প্রভাব থকাটো বুজায়। 

৯৷ কাশ্মীৰৰ অমৃত ভৱণ কোনে নিৰ্মাণ কৰাইছিল ?

উত্তৰঃ কামৰূপ জীয়ৰী অমৃত প্রভাই।

১০৷ গৌড়ৰ ৰজা শশাঙ্কক কোনে পৰাজয় কৰাইছিল? শশাংকই কি কৰিছিল ?

উত্তৰঃ ভাস্কৰ বৰ্মা আৰু হৰ্ষবন্ধনে মিলি পৰাস্ত কৰিছিল। শশাংকই উৰিষ্যালৈ পলায়ন কৰিছিল।


Leave a Comment