যুক্তৰাষ্ট্ৰ বুলিলে কি বুজা?(What is united states?)

 

যুক্তৰাষ্ট্ৰ বুলিলে কি বুজা?(What is united states?)

যুক্তৰাষ্ট্ৰ হৈছে পাৰস্পৰিক চুক্তি অথবা সন্ধিৰ দ্বাৰা সন্মিলিত হোৱা একাধিক ৰাষ্ট্ৰ বা ৰাজ্যৰ একাটা গোট বা তেনেদৰে গঠিত হেৱা এক বৃহত্তৰ ৰাষ্ট্ৰ

ৰাষ্ট্ৰঃ প্রাচীন গ্রীকসকলে ৰাষ্ট্ৰক ‘পলিচ’ নামেৰে অভিহিত কৰিছিল। ৰোমানসকলে আকৌ ৰাষ্ট্ৰ বুজাবলৈ চিভিটাছ শব্দটোৰ ব্যৱহাৰ কৰিছিল। ৰাষ্ট্ৰ শব্দটো পোন প্রথমে মেকিয়াভেলিয়ে তেওঁৰ ‘দি প্রিন্স’ নামৰ গ্ৰন্থত ব্যৱহাৰ কৰিছিল ৷ তেতিয়াৰ পৰাই এই শব্দটো জনপ্ৰিয় হৈ পৰে।

ৰাষ্ট্ৰ সম্পৰ্কে বিভিন্ন ৰাজনীতিবিদে বিভিন্ন সংজ্ঞা আগবঢ়াইছে। তেওঁলোকৰ ভিতৰত উইলচনৰ মতে, কোনো নির্দিষ্ট ভূ-খণ্ডত আইন অনুসাৰে সংগঠিত জনসমষ্টিকে ৰাষ্ট্ৰ বোলে।

ব্লাণ্টাছলিৰ মতে,“কোনো নির্দিষ্ট ভৌগোলিক চাৰিসীমাৰ ভিতৰত থকা জনসাধাৰণৰ ৰাজনৈতিক সংগঠনেই হৈছে ৰাষ্ট্ৰ।”

বাৰ্জেছৰ মতে,“নিৰ্দ্দিষ্ট ভূখণ্ডৰ মানুহৰ সংঘবদ্ধ জীৱনকে ৰাষ্ট্ৰ বোলে।”গাৰ্ণাৰৰ মতে,“চিৰস্থায়ীভাৱে এক নিৰ্দ্দিষ্ট ভূ-খণ্ড বহিশক্তিৰ তলতীয়া নোহোৱাকৈ আৰু জনসাধাৰণৰ পৰা আনুগত্য লাভ কৰা এটা সু-সংগঠিত চৰকাৰৰ তলত বসবাস কৰা জনসমষ্টিয়েই হ’ল ৰাষ্ট্ৰ।”

শীতল যুদ্ধ কি?

Leave a Comment