Class 3 Assamese Chapter 3

ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা

Class 3 Assamese Chapter 3
Class 3 Assamese Chapter 3

ক- পাঠভিত্তিক ক্রিয়া

১। কোৱা আৰু লিখা—

(ক) জ্যোতিপ্রসাদ আগৰৱালাৰ জন্মস্থান ক’ত?

উত্তৰঃ জ্যোতিপ্রসাদ আগৰৱালাৰ জন্মস্থান আছিল ডিব্ৰুগড়ৰ তামোলবাৰী চাহ-বাগিচা।

(খ) উচ্চ শিক্ষা গ্রহণ কৰিবলৈ যোৱা ঠাইখন কি?

উত্তৰঃ উচ্চ শিক্ষা গ্রহণ কৰিবলৈ যোৱা ঠাইখন হ’ল লণ্ডন।

(গ) তেখেতৰ পূৰ্বপুৰুষসকল ক’ৰ?

উত্তৰঃ তেখেতৰ পূৰ্বপুৰুষসকল ৰাজস্থানৰ।

(ঘ) বোলছবিৰ বিষয়ে শিক্ষা লোৱা ঠাইখন কি?

উত্তৰঃ বোলছবিৰ বিষয়ে শিক্ষা লোৱা ঠাইখন হৈছে জাৰ্মানীৰ বাৰ্লিন।

(ঙ) জ্যোতিপ্রসাদ আগৰৱালাই নিৰ্মাণ কৰা প্ৰথম অসমীয়া বোলছবিখনৰ নাম কি?

উত্তৰঃ জ্যোতিপ্রসাদ আগৰৱালাই নিৰ্মাণ কৰা প্ৰথম অসমীয়া বোলছবিখনৰ নাম হ’ল জয়মতী।

(চ) তেখেতে চৈধ্য বছৰ বয়সতে ৰচনা কৰা নাটকখনৰ নাম কি?

উত্তৰঃ তেখেতে চৈধ্য বছৰ বয়সতে ৰচনা কৰা নাটকখনৰ নাম আছিল ‘শোণিতকুঁৱৰী’।

উত্তৰ দিয়া—

(ক) জ্যোতিপ্ৰসাদ আগৰৱালাক কিয় ‘ৰূপকোঁৱৰ’ আখ্যাৰে বিভূষিত কৰা হৈছে?

উত্তৰঃ অসমীয়া সংস্কৃতিক ন ন ৰূপ দিয়াৰ বাবে জ্যোতিপ্ৰসাদ আগৰৱালাক ‘ৰূপকোঁৱৰ’ আখ্যাৰে বিভূষিত কৰা হৈছে।

(খ) জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যুৰ দিনটো কিয় ‘শিল্পী দিৱস’ হিচাপে পালন কৰা হয়?

উত্তৰঃ জাতীয় জীৱনলৈ আগবঢ়োৱা অৱদানৰ বাবে জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যুৰ দিনটো ‘শিল্পী দিৱস’ হিচাপে পালন কৰা হয়।

৩। তলৰ শব্দবোৰ পাঠত বিচাৰি পঢ়া। দলত আলোচনা কৰি শব্দৰ লগত অৰ্থ কাঁড় চিনেৰে মিলোৱা—

শব্দঅৰ্থ
সম্ভ্ৰান্তঅলংকৃত
নিগাজিকৈদান, বৰঙণি
নিৰ্মাণসজা, গঢ়া, তৈয়াৰ কৰা, প্ৰস্তুত কৰা কাৰ্য
বিভূষিতমান্য, সন্মান পাবৰ যোগ্য
অৱদানস্থায়ীভাৱে

উত্তৰঃ 

শব্দঅৰ্থ
সম্ভ্ৰান্তমান্য, সন্মান পোৱাৰ যোগ্য।
নিগাজিকৈস্থায়ীভাৱে।
নিৰ্মাণসজা, গঢ়া, তৈয়াৰ কৰা, প্ৰস্তুত কৰা কাৰ্য।
বিভূষিতঅলংকৃত।
অৱদানদান, বৰঙণি।

৪। শুদ্ধ উত্তৰটোৰে বাক্যটো পুনৰ লিখা—

(ক) ১৯০৩ চনত/১৯০৪ চনত জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্ম হৈছিল।

উত্তৰঃ ১৯০৩ চনত জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্ম হৈছিল।

(খ) জয়মতী/ইন্দ্রমালতী প্রথম অসমীয়া বোলছবি।

উত্তৰঃ জয়মতী প্রথম অসমীয়া বোলছবি।

(গ) ১৭ জানুৱাৰী/১৭ জুন তাৰিখে ‘শিল্পী দিৱস’ পালন কৰা হয়।

উত্তৰঃ ১৭ জানুৱাৰী তাৰিখে ‘শিল্পী দিৱস’ পালন কৰা হয়।

(ঘ) ১৭ জুন জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্মদিন/মৃত্যুদিন।

উত্তৰঃ ১৭ জুন জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্মদিন।

খ- ভাষা অধ্যয়ন (ব্যাৱহাৰিক ব্যাকৰণ)

১। এটা শব্দত প্রকাশ কৰোঁ আহা—

উদাহৰণ— গীত গোৱা লোক।

উত্তৰঃ গায়ক।

(ক) গীতত সুৰ দিয়া লোক।

উত্তৰঃ সুৰকাৰ।

(খ) গীত ৰচনা কৰা লোক।

উত্তৰঃ গীতিকাৰ।

(গ) অভিনয় কৰা লোক।

উত্তৰঃ অভিনেতা।

(ঘ) নাটক ৰচনা কৰা লোক।

উত্তৰঃ নাট্যকাৰ।

(ঙ) ভাও দিয়া লোক।

উত্তৰঃ ভাৱৰীয়া।

২। বাক্য গঠন কৰা—

নিৰ্মাণ, নিগাজি, অৱদান, বোলছবি।

উত্তৰঃ নিৰ্মাণঃ জ্যোতিপ্ৰসাদ আগৰৱালাই বোলছবি নিৰ্মাণ কৰিছিল।

নিগাজিঃ আমি চিলাপথাৰত অতীজৰে পৰা নিগাজিকৈ বাস কৰি আছো।

অৱদানঃ অসমীয়া সাহিত্য জগতত লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ অৱদান অপৰিসীম।

বোলছবিঃ জ্যোতিপ্ৰসাদ আগৰৱালাই প্ৰথম বোলছবি নিৰ্মাণ কৰিছিল।

৩। যুক্তাক্ষৰ ভাঙি পঢ়োঁ আৰু লিখোঁ আহা—

কণ্ঠ = ণ্ঠ ণ+ঠ ণই ঠই ণ্ঠ 

শিল্পী = ল্প ল+প লই পই ল্প

সম্ভ্রান্ত = ম্ভ্র ম+ভ মই ভই ম্ভ তাত ৰ কাৰে ম্ভ্র

সংস্কৃতি = স্কৃ স+ক+ঋ সই কই স্ক তাত ঋ কাৰে স্কৃ

ডিব্ৰুগড় = ব্রু ব+ৰ+উ বই ৰই ব্র তাত উ কাৰে (ব্ৰূ) ব্ৰু

অণ্ড = ণ্ড ণ+ড নই ডই ণ্ড

দিল্লী = ল্লী ল+ল লই লই ল্ল তাত ঈ কাৰে ল্লী

৪। যুক্তাক্ষৰ গঠন কৰোঁ আহা—

ণ+ঠ = নই ঠই ণ্ঠ

ল+প = লই পই ল্প

ম+ভ+ৰ = মই ভই ম্ভ তাত ৰ কাৰে ম্ভ্র

স+ক+ঋ = সই কই স্ক তাত ঋ কাৰে স্কৃ

ব+ব+উ = বই ৰই ব্র তাত উ কাৰে ব্রু (ব্রূ)

ধ+ৰ+উ = ধই ৰই ধ্র তাত উ কাৰে ধ্রু (ধ্রু)

গ— জ্ঞান সম্প্ৰসাৰণ

৫। খালী ঘৰত যুক্তাক্ষৰ লিখি শব্দবোৰ পঢ়া—

ণ্ঠ = কণ্ঠ বৈকু…..অ…..ক…..

ল্প = শিল্প ক….না ক…..তৰু

উত্তৰঃ ণ্ঠ = কণ্ঠ বৈকণ্ঠ অণ্ঠ কণ্ঠ

ল্প = শিল্প কল্পনা কল্পতৰু

৬। যুক্তাক্ষৰ ভাঙি লিখা—

ব্ৰু, ধ্রু, ম্ভ্র

উত্তৰঃ ব্ৰু = ব+ৰ ব্ৰ তাত উ কাৰে ব্ৰু।

ধ্রু = ধ+ৰ ধ্র তাত উ কাৰে ধ্রু

ম্ভ্র = ম+ভ ম্ভ তাত ৰ কাৰে ম্ভ্র।

৭। তলত দিয়াবোৰৰ উত্তৰ লিখা—

(ক) অসমৰ সংগীত সূর্য?

উত্তৰঃ ড° ভূপেন হাজৰিকা।

(খ) অসমৰ নটসূর্য?

উত্তৰঃ ফণী শৰ্মা।

(গ) অসমৰ কলাগুৰু?

উত্তৰঃ বিষ্ণুপ্ৰসাদ ৰাভা।

(ঘ) অসমৰ গোৱালপৰীয়া লোকগীতৰ সম্রাজ্ঞী?

উত্তৰঃ প্ৰতিমা বৰুৱা পাণ্ডে।

(ঙ) অসমৰ জিকিৰ সম্ৰাট?

উত্তৰঃ ৰেকিবউদ্দিন আহমেদ।

৮। উত্তৰ দিয়া—

(ক) বিদ্যালয়ত তোমালোকে কি কি দিৱস পালন কৰা তাৰ এখন তালিকা প্রস্তুত কৰা।

উত্তৰঃ বিদ্যালয়ত পালন কৰা দিৱসবোৰ হ’ল – স্বাধীনতা দিৱস, গণতন্ত্র দিৱস, গান্ধীজয়ন্তী, বিশ্ব পৰিৱেশ দিৱস, শিল্পী দিৱস, ৰাভা দিৱস, শিক্ষক দিৱস, শিশু দিৱস ইত্যাদি।

(খ) কেইখনমান অসমীয়া বোলছবিৰ নাম কোৱা।

উত্তৰঃ কেইখন অসমীয়া বোলছবি হল জয়মতী, ৰুপহী, পাৰঘট, বেউলা, নিমিলা অংক, লাচিত বৰফুকন, প্রতিধ্বনি, এৰা বাটৰ সুৰ, হৃদয়ৰ প্ৰয়োজন, তামাই, ড° বেজবৰুৱা, শকুন্তলা, সন্ধ্যাৰাগ ইত্যাদি।

(গ) তোমাৰ বিদ্যালয়ত ‘শিল্পী দিৱস’ কেনেদৰে উদ্‌যাপন কৰা সেই বিষয়ে পাঁচটা বাক্য লিখা। 

উত্তৰঃ শিল্পী দিৱস আমাৰ বিদ্যালয়ত উৎসাহ-উদ্দীপনাৰে পালন কৰা হয়। সেইদিনা বিদ্যালয়ত শিল্পী দিৱস পালনৰ বাবে অস্থায়ী মঞ্চ সজা হয়। সেই মঞ্চত শিক্ষক সকলৰ দিহা মতে গীত-মাত পৰিৱেশন কৰা হয়। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জীৱন আৰু কৰ্মৰ ভিত্তিত কুইজ প্ৰতিযোগিতা আৰু জ্যোতিসংগীত প্রতিযোগিতা, ৰচনা প্রতিযোগিতা, আবৃত্তি প্রতিযোগিতা আদি পাতি জ্যোতিপ্ৰসাদক আৰু তেওঁৰ অৱদানক স্মৰণ কৰা হয়। এই দিৱস পালনৰ জৰিয়তে আমি সাহিত্য-সংস্কৃতিৰ সৈতে পৰিচিত হোৱাৰ লগতে নিজৰ প্ৰতিভা বিকাশৰো সুযোগ লাভ কৰোঁ।

ঘ – প্রকল্প

১। জ্যোতিপ্ৰসাদ আগৰৱালাই তোমালোকৰ বাবে ৰচনা কৰা ‘ঘোঁৰা ডাঙৰীয়া’ নামৰ নাটিকাখন শ্রেণীৰ সকলো ছাত্র-ছাত্রী লগ হৈ অভিনয় কৰা।

উত্তৰঃ ছাত্ৰ-ছাত্ৰীয়ে নিজে নিজে কৰা।

২। জ্যোতিপ্ৰসাদ আগৰৱালাৰ গীত সংগ্রহ কৰি দলত পৰিবেশন কৰা।

উত্তৰঃ ছাত্ৰ-ছাত্ৰীয়ে নিজে কৰা।


Best Digital Marketing Company in Nagaon,Assam

Class 3 Assamese Question Answer Chapter 1

Class 3 Assamese Question Answer Chapter 2

Leave a Comment