Class 6 Social Science Chapter 3

পৃথিৱীৰ গতি

পৃথিৱীৰ গতি | Class 6 Social Science Chapter 3 | Assamese Medium | 2024-25

MCQs and Answers: Class 6 Social Science Chapter 3

১। পৃথিৱীয়ে গতিৰ জৰিয়তে নিজৰ স্থান সলনি কৰাক কি বোলে?

a) আহ্নিক গতি

b) বাৰ্ষিক গতি

c) পৃথিৱীৰ গতি

উত্তৰঃc) পৃথিৱীৰ গতি

২। কিমান খ্ৰীষ্টাব্দত কপাৰনিকাছ নামৰ জ্যোতিৰ্বিদজনে সূৰ্য স্থিৰ বুলি প্ৰমাণ কৰিছিল?

a) ১৫৪৭ খ্ৰীষ্টাব্দত

b) ১৫১৪ খ্ৰীষ্টাব্দত

c) ১৫০২ খ্ৰীষ্টাব্দত

উত্তৰঃb) ১৫১৪ খ্ৰীষ্টাব্দত

৩। পৃথিৱীৰ উপৰিভাগত ঋতু পৰিৱৰ্তন হোৱা কাৰণ কি?

a) বাৰ্ষিক গতি

b)আহুিক গতি

c) দৈনিক গতি

উত্তৰঃa) বাৰ্ষিক গতি

৪। মকৰ সংক্ৰান্তি কোনটো তাৰিখত হয়?

a) ২৩ ছেপ্টেম্বৰ

b) ২১ মাৰ্চ

c) ২২ ডিচেম্বৰ

উত্তৰঃc) ২২ ডিচেম্বৰ

৫। কি ঋতুৰ সময়ত দিন আটাইতকৈ চুটি হয়?

a) শীত ঋতুৰ

b) গ্ৰীষ্ম ঋতুৰ

c) শৰৎ ঋতুৰ

উত্তৰঃa) শীত ঋতুৰ

৬। ৩ জানুৱাৰী তাৰিখে পৃথিৱী আৰু সূৰ্যৰ মাজৰ দূৰত্ব  আটাইতকৈ কম হয়। এই দূৰত্বক কি বোলে?

a) অপসূৰ

b) অনুসূৰ

c) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ b) অনুসূৰ

৭। ২০০৮ চনৰ পাছৰ অধিবৰ্ষ কোনটো?উ

a) ২০১০

b) ২০০৯

c) ২০১২

উত্তৰঃ c) ২০১২

৮। যিটো বছৰত এটা দিন বঢ়াই লোৱা হয় সেই বছৰটোক কি বোলে?

a) অধিবৰ্ষ বা লিপ ইয়েৰ

b) পৰিভ্ৰমণ বা বাৰ্ষিক গতি

c) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ  a) অধিবৰ্ষ বা লিপ

৯। অধিবৰ্ষৰ মুঠ দিনৰ সংখ্যা কিমান?

a) ৩৬৫ দিন

b) ৩৬৬ দিন

c) ৩৬৫ ১/২ দিন

উত্তৰঃ a) ৩৬৫ দিন 

১০। পৃথিৱী সূৰ্যৰ চাৰিওফালে ঘূৰা গতিটোৰ নাম কি?

a) আহ্নিক গতি

b) মেৰুদণ্ড

c) বাৰ্ষিক গতি

উত্তৰঃc) বাৰ্ষিক গতি

১১। পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে সম্পূৰ্ণ এপাক ঘূৰিবলৈ কিমান সময় লাগে?

a) ৩৬৫ দিন ৯ ঘণ্টা

b) ৩৬৫ দিন ৩ ঘণ্টা

c) ৩৬৫ দিন ৬ ঘণ্টা

উত্তৰঃc) ৩৬৫ দিন ৬ ঘণ্টা

১২। ১৭০০ চনৰ পাছৰ অধিবৰ্ষ কোনটো?

a) ২০০০

b) ১৯০০

c) ২০০১

উত্তৰঃa) ২০০০

১৩। তাপ ,চাপ আৰু আদ্ৰৰ্তাৰ ভিত্তিত বছৰটোক প্ৰধানকৈ কেইটা ঋতুত ভাগ কৰা হৈছে?

a) ৬ টা ঋতুত

b) ৪ টা ঋতুত

c) ৫ টা ঋতুত

উত্তৰঃb) ৪ টা ঋতুত

১৪। কিমান তাৰিখে সূৰ্যৰ ৰশ্মি কৰ্কট ক্ৰান্তিৰ ওপৰত পোনপটীয়াভাৱে পৰে?

 a) ২১ জুন

b) ২১ মাৰ্চ

c) ২৩ ছেপ্টেম্বৰ

উত্তৰঃ a) ২১ জুন

১৫। ঋতুৰ পৰিৱৰ্তনৰ বাবে মানুহৰ উপৰি আৰু কিহৰ পৰিৱৰ্তন ঘটে?

a) গছ-গছনি

b) জীৱ-জন্তু

c) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃa) গছ-গছনি

১৬। পৃথিৱীয়ে নিজ মেৰুদণ্ডত ঘূৰা গতিটোক কি বোলে?

a) আহ্নিক গতি

b) দৈনিক গতি

c) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃa) আহ্নিক গতি

১৭। কিমান তাৰিখে গোটেই ধৰাপৃষ্ঠত দিন-ৰাতি সমান হয়?

a) ২২ ডিচেম্বৰ

b) ২৩ ছেপ্টেম্বৰ

c) ২১ জুন

উত্তৰঃb) ২৩ ছেপ্টেম্বৰ

১৮। পৃথিৱীৰ গতি দুটা কি?

a) আহ্নিক গতি আৰু দৈনিক গতি

b) বাৰ্ষিক গতি আৰু দৈনিক গতি

c) আহ্নিক গতি আৰু বাৰ্ষিক গতি

উত্তৰঃc) আহ্নিক গতি আৰু বাৰ্ষিক গতি

১৯। কিমান তাৰিখে সূৰ্যৰ ৰশ্মি মকৰ ক্ৰান্তিত পৰে?

a) ২২ ডিচেম্বৰ

b) ২১ মাৰ্চ

c) ২১ জুন

উত্তৰঃa) ২২ ডিচেম্বৰ

২০। কিমান তাৰিখে সূৰ্যৰ ৰশ্মি উত্তৰ আৰু দক্ষিণ গোলাৰ্ধত হেলনীয়া হৈ পৰে?

a) ২১ মাৰ্চ

b) ২১ জুন

c) ২৩ ছেপ্টেম্বৰ

উত্তৰঃa) ২১ মাৰ্চ

২১ | পূথিৱীৰ গতি কেইটা 

a) ৩ টা 

b) ৪ টা 

c) ২ টা 

উত্তৰঃ c) ২ টা 

২২ | পূথিৱীয়ে কিহৰ পৰা  পোহৰ অৰু তাপ পায় | 

a) সূৰ্যৰ পৰা 

b) চন্দ্ৰৰ পৰা 

c) ওপৰৰ এটাও নহয় 

উত্তৰঃ a) সূৰ্যৰ পৰা 

২৩ | পূথিৱীৰ আৱৰ্তনৰ সময় কিমান | 

a)  ২৪ ঘন্টা 

b)  ২০ ঘন্টা 

c)  ১৫ ঘন্টা 

উত্তৰঃ .a)  ২৪ ঘন্টা 

২৪ | পূথিৱীৰ আৱৰ্তনৰ ফলত কি হয় | 

a) দিন আৰু ৰাতি 

b) আবেলি আৰু গধূলি 

c) ওপৰৰ এটাও নহয় 

উত্তৰঃ a) দিন আৰু ৰাতি 

২৫ | কিমান তাৰিখে সূৰ্যৰ ৰশ্মি বিষুৱত লস্বভাৱে পৰে | 

a) ২১ মাৰ্চ

b) ২৩ ছেপ্টেস্বৰ 

c) ২২ জানুৱাৰী 

উত্তৰঃ b) ২৩ ছেপ্টেস্বৰ 

২৬ |  পূথিৱীৰ বাৰ্ষিক গতিৰ সময় কিমান | 

a)  ৩৬৫ দিন আৰু ৬ ঘন্টা 

b) ২৬৫ দিন আৰু ৬ ঘন্টা 

c) ওপৰৰ এটাও নহয় 

উত্তৰঃ a)  ৩৬৫ দিন আৰু ৬ ঘন্টা 

পৃথিৱীৰ গতি | Class 6 Social Science Chapter 3 | Assamese Medium | 2024-25

তলৰ প্রশ্নবোৰৰৰ উত্তৰ দিয়া – Class 6 Social Science Chapter 3

(ক) পৃথিৱীৰ মেৰুদণ্ডডাল কক্ষতলৰ লগত কিমান ডিগ্রী কোণ কৰি আছে ?

উত্তৰঃ  চাৰে ৬৬ ডিগ্ৰী কোণ ধৰি আছে।

(খ) পৃথিৱীয়ে নিজ কক্ষপথত সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ কিমান সময় লাগে?

উত্তৰঃ ৩৬৫ দিন আৰু ৬ ঘন্টা সময় লাগে।

(গ) পোহৰ বৃত্ত কাক বোলা হয়?

উত্তৰঃ পৃথিৱীখনত দিন-ৰাতি হোৱা অংশ দুটাক এটা কাল্পনিক বৃত্তই দুভাগ কৰিছে, এই বৃত্তটোকেই পোহৰ বৃত্ত বোলে।

(ঘ) বছৰৰ কোন কোন তাৰিখত বিষুৱ ৰেখাৰ ওপৰত সূৰ্যৰ ৰশ্মি হেলনীয়াভাৱে পৰে?

উত্তৰঃ ২১ মাৰ্চৰ দিনা।

তলৰ প্ৰশ্নবোৰৰ চমু উত্তৰ দিয়া – Class 6 Social Science Chapter 3

(ক) আহ্নিক গতি আৰু বার্ষিক গতি বুলিলে কি বুজা?

উত্তৰঃ পৃথিৱীয়ে নিজ মেৰুদণ্ডত ঘূৰা যি গতি তাকে আহ্নিক গতি বোলে আৰু পৃথিৱীয়ে নিজ কক্ষপথেৰে ঘূৰা যি গতি তাকে বাৰ্ষিক গতি বোলে।

(খ) আহ্নিক গতিৰ ফলত পৃথিৱীত দিন-ৰাতি কেনেকৈ হয় বুজাই লিখা

উত্তৰঃ এটা গোলক আৰু এটা টৰ্চ লাইট ল’ব লাগে। এতিয়া এজনে চৰ্চলাইটটো গোলকটোৰ ফালে জ্বলাই দিয়া এতিয়া আনএজনে গোলকটো পূবৰ পৰা পশ্চিমলৈ ঘূৰাই দিয়া। এনেদৰে ঘূৰাই থাকোতে এটা অংশত পোহৰ পৰিব আৰু বাকী অংশত এন্ধাৰ হ’ব এনেদৰে পৃথিৱীত দিন-ৰাতি হয়।

(গ) অধিবর্ষ বুলিলে কি বুজা?

উত্তৰঃ প্ৰতি ৪ বছৰৰ মূৰে-মূৰে ফেব্ৰুৱাৰী মাহটোট এদিন বঢ়াই ২৮ দিনৰ ওপৰি ২৯ দিন গণনা কৰা হয়। এনেকৈ যিতো বছৰত এদিন বঢ়াই দিয়া হয় তাকে অধিৰ্বষ বোলে।

(ঘ) কর্কট সংক্রান্তি আৰু মকৰ সংক্ৰান্তিৰ পার্থক্য নিৰূপণ কৰা।

উত্তৰঃ কৰ্কট সংক্ৰান্তিৰ দিনা উত্তৰ গোলাৰ্ধত গ্ৰীষ্মকাল আৰু দক্ষিণ গোলাৰ্ধত শীতকাল হয়।

আনহাতে মকৰ সংক্ৰান্তিৰ দিনা দক্ষিণ গোলাৰ্ধত গ্ৰীষ্মকালআৰু উত্তৰ গোলাৰ্ধত শীতকাল হয়।

(ঙ) পৃথিৱীৰ বার্ষিক গতি নথকাহেঁতেন ধৰাপৃষ্ঠত কেনেধৰণৰ পৰিৱেশ বিৰাজ কৰিলেহেঁতেন লিখা।

উত্তৰঃ পৃথিৱীত বাৰ্ষিক গতি  নথকাহেঁতেন – ঋতু বিৰাজ নহলেহেঁতেন, সাজ-পাৰ, খাদ্য পৰিৱৰ্তন নহলেহেঁতেন, উদ্ভিদো পৰিৱৰ্তন নহলেহেঁতেন, মানুহৰ উৎসৱ-পাৰ্ৱন আদিও পালন নহলেহেঁতেন।

(চ) পৃথিৱীৰ কক্ষপথ বুলিলে কি বুজা?

উত্তৰঃ পৃথিৱীৱে সূৰ্যৰ চাৰিওফালে ঘূৰা যি পথ। সেই পথটো গোলাকাৰ নহয় উপবৃত্তাকাৰহে সেইপথটোকে পৃথিৱীৰ কক্ষপথ বোলে।


Leave a Comment